ডিজিটেল ডেস্কঃ সকলো ব্যস্ত হৈ আছিল অভেলক লৈ। কোনো এজন ভাৰতীয়ই গুৰুত্ব দিয়া নাছিল ১০ মাইল দূৰত্বৰ ৰিভাৰবেংকক। মেগা ছানডেত ভীষণভাৱে সকলো ব্যস্ত হৈ পৰিছিল বিৰাট বাহিনীক লৈ। সামান্যকণো আগ্ৰহ অনুভৱ কৰা নাছিল  হৰমনপ্ৰীত, ৰুপিন্দৰ বাহিনীক লৈ। 

কিন্তু শেষ মুহূৰ্তত ইংৰাজৰ দেশত ভাৰতৰ সন্মান ৰক্ষা কৰিলে দেশবাসীয়ে গুৰুত্ব নিদিয়া হৰমনপ্ৰীত, ৰুপিন্দৰেই। বিপৰীতে সকলোৰে আশা-আকাংক্ষাক ধূলিস্যাৎ কৰি চিৰবৈৰী পাকিস্তানৰ হাতত শোচনীয় পৰাজয় বৰণ কৰে বিৰাট বাহিনীয়ে।

ইংলেণ্ডৰ অভেলত আজি অনুষ্ঠিত হোৱা চেম্পিয়নছ ট্ৰফীৰ হাই ভল্টেজ ফাইনেল মেচখনত চুবুৰীয়া পাক দলটোৱে নিৰ্ধাৰণ কৰি দিয়া ৩৩৯ ৰাণৰ বিশাল লক্ষ্য অনুসৰণ কৰি নিৰ্লজ্জভাৱে আত্মসমৰ্পণ কৰিবলৈ বাধ্য হৈ পৰে ভাৰতীয় ক্ৰিকেট দলটো। ভাৰতে শোচনীয় প্ৰদৰ্শনৰে মাত্ৰ ৩০ অভাৰতে আটাইকেইটা উইকেট হেৰুৱাই ১৬০ ৰাণহে কৰিবলৈ সমৰ্থ হয়।

পাকিস্তানৰ বিৰুদ্ধে ক্ৰিকেটত ভাৰতেশোচনীয় প্ৰদৰ্শন আগবঢ়োৱাৰ সময়তে ইংলেণ্ডতে উজলি উঠে ভাৰতীয় হকী দলটো। অভেলৰ পৰা মাত্ৰ ১০ মাইল দূৰত্বৰ ষ্টেডফ’ৰ্ড ৰিভাৰবেংক এৰিনাত অনুষ্ঠিত হকী ৱৰ্ল্ড লীগৰ ছেমি ফাইনেলত চিৰবৈৰী পাকিস্তানক সম্পূৰ্ণৰূপে ধৰাশায়ী কৰি ৭-১ গলৰ বৃহৎ ব্যৱধানত বিজয় সাব্যস্ত কৰে ভাৰতীয় হকী দলটোৱে।

মেগা ছানডেৰ মেচখনত পাক দলটোক ধৰাশায়ী কৰি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ ফাইনেলত প্ৰৱেশ কৰিবলৈ সমৰ্থ হয় হৰমনপ্ৰীত, ৰুপিন্দৰ বাহিনী। মেচখনত ভাৰতৰ হৈ হৰমনপ্ৰীত, আকাশদীপ আৰু তলৱিন্দৰ প্ৰত্যেকে দুটাকৈ আৰু পাৰদীপ ম’ৰে।

ইফালে পাকিস্তানৰ হাতত আই চি চি চেম্পিয়নছ ট্ৰফীত বিৰাট বাহিনীয়ে ১৮০ ৰাণৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাত হতাশ হৈ পৰিছে ভাৰতীয় ক্ৰিকেট প্ৰেমীসকল। এনে হতাশাজনক পৰিস্থিতিৰ মাজতে ভাৰতীয় হকী দলটোৱে চিৰবৈৰী দলটোক ইংৰাজৰ দেশত ধৰাশায়ী কৰাৰ বাতৰি পাই সামান্যকৈ হ'লেও আনন্দ অনুভৱ কৰাৰ অজুহাত লাভ কৰিছে।

অৱশ্যে ৰাষ্ট্ৰীয় খেল হকীক সামান্যতমো গুৰুত্ব নিদিয়া ভাৰতীয়সকলৰ অধিকাংশই এতিয়াও গমেই পোৱা নাই হৰমনপ্ৰীত, ৰুপিন্দৰ বাহিনীৰ এই সাফল্যৰ কথা। হকী দলৰ এই সাফল্যৰ কথা জানিলে ক্ৰিকেট উন্মাদ ভাৰতীয়সকলে অলপ হ'লেও আনন্দ লাভ কৰিব বুলি মন্তব্য কৰিছে কেবাগৰাকী হকী প্ৰেমীয়ে।