• "কংগ্ৰেছ-এ এছ ডি চি আৰু এ পি এইছ এল চি দল একত্ৰিত হলেও ডিফু সমষ্টিত বিজেপিক পৰাভূত কৰিব নোৱাৰে"--তুলিৰাম ৰংহাং

খেৰণিঃ বিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? সঘনে সলনি হৈছে ৰাজনৈতিক দৃশ্য কাৰ্বি আংলঙত। সঁচাকৈ কাৰ্বি পাহাৰত দল বাগৰা ৰাজনীতিয়ে শংকিত কৰি তুলিছে ইটো দলৰ বিপৰীতে সিটো দলক। এফালে যদি বিজেপিৰ অন্তঃকন্দল অথবা বিজেপি নেতা-কৰ্মীৰ মাজত সংঘাত সৃষ্টি হৈ নেতাসহ হাজাৰ হাজাৰ লোকে দল ত্যাগ কৰি কংগ্ৰেছত যোগদান কৰি বিজেপিত ভাবুকিৰ সৃষ্টি কঢ়িয়াই আনিছে, ঠিক একেদৰে বহু প্ৰভাৱশালী কংগ্ৰেছ নেতাৰ নেতৃত্বত বহুলোকে কংগ্ৰেছ ত্যাগ কৰি বিজেপিত যোগদান কৰা কাৰ্য্যই কংগ্ৰেছ দুৰ্গক দুৰ্বল কৰাৰ বিপৰীতে ৰাজনৈতিক মহলত জোকাৰণিৰ সৃষ্টি কৰিছে। 

এনেবোৰ বিষয়ৰ প্ৰতি লক্ষ্য কৰি কাৰ্বি পাহাৰত কংগ্ৰেছৰ সমান্তৰালকৈ শাসক দল বিজেপিয়েও সমগ্ৰ পাৰ্বত্য জিলা কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং আৰু ডিমা হাছাওত মাৰাথান নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। গুৰুত্বপূৰ্ণ বিষয় যে কাৰ্বি পৰিষদীয় নিৰ্বাচনৰ ভোটাৰ তালিকাৰ পৰা অনাকাৰ্বিৰ নাম কৰ্তনৰ ফলত যি সমস্যাৰ সৃষ্টি হৈছে অথবা কাৰ্বি আংলঙৰ বড়োসকলক এছ টি হিলছ'ৰ মৰ্যদা প্ৰদানৰ ক্ষেত্ৰত কৰা বিৰোধিতাই লোকসভা নিৰ্বাচনত কিবা প্ৰভাৱ পেলাব পাৰে নেকি বাৰু বিজেপিত? ডিফু সমষ্টিত বিজেপিৰ জয় নিশ্চিত বুলি বিজেপিয়ে দাবী কৰি অহাৰ পিছতো এনেবোৰ বিষয়ক লৈ প্ৰকৃততে বিজেপি শংকিত নেকি কাৰ্বি পাহাৰত? এনে বহুবোৰ প্ৰশ্নৰ উদয় হৈছে এতিয়া কাৰ্বি পাহাৰৰ জনতাৰ মনত।

 

আনহাতে হয়তো লোকসভা নিৰ্বাচনত এনেবোৰ বিষয়ে প্ৰভাৱ পেলাব পৰে বুলি চিন্তা কৰি ইজনৰ পিছত সিজন বিজেপিৰ বাঘা বাঘা মন্ত্ৰী-নেতাই নিৰ্বাচনী প্ৰচাৰ চলাইছে কাৰ্বি পাহাৰত। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ পাছত কাৰ্বি পাহাৰত মৰাথান নিৰ্বাচনী প্ৰচাৰ চলাই গৈছে ৰাজ্যিক মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো। 

যোৱা সোমবাৰে কাৰ্বি আংলঙৰ ডিফুৰ পিছতেই পশ্চিম কাৰ্বি আংলঙৰ কলঙাত হৰেন ছিং বে'ৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই। উল্লেখযোগ্য যে ইতিমধ্যে বিজেপি নেতা ৰতন ইংতিৰ নেতৃত্বত বহু লোকে কংগ্ৰেছত যোগদান কৰিছে যদিও একে সময়তে কিন্তু কেইবা সহস্ৰাধিক জনতাৰ ভিৰ পৰিলক্ষিত হোৱা কলঙাৰ প্ৰচাৰ সভাত প্ৰায় পাঁচ হাজাৰৰো অধিক লোকক বিজেপিত যোগদান কৰোৱাই কংগ্ৰেছ-এ এছ ডি চি-ক একপ্ৰকাৰ জোকাৰিছে কাৰ্বি আংলং বিজেপিয়ে। 

মন কৰিবলগীয়া যে কলঙাৰ প্ৰচাৰ সভাৰ মঞ্চত পৰিলক্ষিত হ'ল আজমলৰ মুৰৰ কামোৰণিৰ সৃষ্টি কৰা "আকৌ এবাৰ মোডী চৰকাৰ" শীৰ্ষক গীতত হিমন্তৰ নৃত্য। ৰাইজৰ সৈতে কৰ্মৰদন আৰু নৃত্যৰ তালে তালে মন্ত্ৰী হিমন্তই কাৰ্বি পাহাৰত বহু আঁচনি ইতিমধ্যে দিছে আৰু লোকসভা নিৰ্বাচনত বিজেপি জয়ী হোৱাৰ পাছত আৰু বহু আঁচনি দিব বুলি প্ৰকাশ কৰে। 

উল্লেখ্য যে নিৰ্বাচনী প্ৰচাৰৰ অন্তিমটো দিনটো অৰ্থাৎ আজিও ব্যাপক তৎপতাৰে পশ্চিম কাৰ্বি আংলঙৰ ৰংকৰৈত বিজেপিয়ে এখন বিশাল প্ৰচাৰ সভা অনুষ্ঠিত কৰে। সভাত উপস্থিত থকা কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে কেবা সহস্ৰাধিক জনতাক সম্বোধন কৰি কংগ্ৰেছ-এ এছ ডি চি-ক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে কংগ্ৰেছ-এ এছ ডি চি আৰু জে আই কথাৰৰ নেতৃত্বত থকা এ পি এইছ এল চি দলে একত্ৰিত হলেও ডিফু সমষ্টিত বিজেপিক পৰাভূত কৰিব নোৱাৰে। প্ৰচাৰ সভাত থকা ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতাই ইতিমধ্যে প্ৰমাণ কৰিছে যে পাৰ্বত্য জিলাত বিজেপিৰ জয় নিশ্চিত বুলি প্ৰকাশ কৰে ৰংহাঙে। লগতে শেহতীয়াকৈ কাৰ্বি পাহাৰৰ ৰাইজক পাহাৰীয়া জিলাকেইখনৰ পৰা কংগ্ৰেছৰ ৰাজত্বক বিদায় দি বিজেপি চৰকাৰ গঠন কৰাত সহায় কৰিব লাগে আৰু সংবিধানৰ অধিকাৰৰ ওপৰত ভিত্তি কৰি অনুচ্ছেদ ২৪৪(ক)-ৰ জৰিয়তে স্বায়ত্ত শাসিত ৰাজ্যৰ যি দাবী সেই দাবী পূৰণ কৰাৰ স্বাৰ্থত এম অ এছ আৰু এম অ ইউ সম্পূৰ্ণৰূপে কাৰ্যকৰী কৰাৰ স্বাৰ্থত বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'য়েক ভোট দি বিপুল ভোটেৰে জয়ী কৰাব লাগে বুলি ৰাইজক আহ্বান জনায় ৰংহাঙৰ লগতে বিজেপিৰ প্ৰাৰ্থী হৰেন ছিং বে'ই।