ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ দিন তেনেই সমাগত৷ ৰাজ্যখনত নিৰ্বাচন ১২ মে’ত অনুষ্ঠিত হোৱাৰ লগতে ফলাফল ঘোষিত হ’ব ১৫ মে৷ এই কথা মংগলবাৰে ঘোষণা কৰিলে নিৰ্বাচন আয়োগে৷ কৰ্ণাটকত নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ পূৰ্বৰে পৰা ৰাজনৈতিক দলসমূহে চলাই আছে নিৰ্বাচনী প্ৰচাৰ অভিযান৷ প্ৰচাৰ অভিযানত নেতা-পালিনেতাসকলৰ মাজত চলিছে কথা কথা কটা-কটিৰ খেল৷ সাধাৰণ ভোটাৰক আকৃষ্ট কৰিব পৰাকৈ বিৰোধীদলসমূহে বিচাৰ কৰিছে নেতৃত্বাধীন চৰকাৰখনৰ দোষ গুণ৷ মুঠতে কৰ্ণাটকত এতিয়া নিৰ্বাচনৰ প্ৰচাৰ অভিযান তুংগত আছে৷
কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন কংগ্ৰেছ-বিজেপিৰ বাবে অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে৷ কিয়নো বিগত কেইবছৰৰ পৰা ৰাজ্যখন কংগ্ৰেছৰ দখলত আছে৷ বিজেপিয়ে ৰাজ্যখন নিজৰ দখললৈ আনিবৰ বাবে অহোপুৰুষাৰ্থ চেষ্টা কৰা পৰিলক্ষিত হৈছে৷ আনহাতে দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী এছ ডি দেৱগৌড়াৰ নেতৃত্বত জনতা দল ইউনাইটেডেও নিৰ্বাচনত তৃতীয় দল হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱাৰ লক্ষ্যৰে পূণোদ্যম প্ৰস্তুতি চলাই থকাৰ কথা জানিব পৰা গৈছে৷
কৰ্ণাটক বিধানসভা নিৰ্বাচনত কোনকেইটা বিষয়ে পাব গুৰুত্ব...
১. কন্নড়ৰ স্বাভিমান
►কৰ্ণাটকৰ বাবে পৃথক পতাকা দিয়াৰ দাবী কংগ্ৰেছৰ৷
► আৰ এছ এছৰ এখন দেশ, এখন দেশ পতাকাৰ নীতিকলৈ দোদুল্যমান বিজেপি৷
► মহাদায়ী নদীৰ পানী ভাগ-বটোৱাৰা কৰা বিষয়টোও আৱেগৰ সৈতে জড়িত৷
►বিজেপি শাসিত ৰাজ্য গোৱাৰ মন্ত্ৰীয়ে গালি পৰা কাৰ্যত ক্ষোভিত কন্নড়সকল৷
২. বীৰশৈৱ আৰু লিংগায়ত
► বীৰশৈৱ আৰু লিংগায়তক পৃথক কৰি বিজেপিৰ ভোটবেংকত সিন্ধি খনা কাৰ্য৷
►লিংগায়তৰ পৰা পৃথক ধৰ্মকৰ্ণাটকৰ বাবে বেলেগ পতাকা দিয়াৰ দাবী কংগ্ৰেছৰ৷
► লিংগায়তক আয়ত্বাধীন কৰাৰ ক্ষেত্ৰত বিফল শ্বাহ৷
৩. বিজেপিৰ কাৰ্যকৰ্তাক হত্যা
►বিজেপিয়ে ২৪ গৰাকী কাৰ্যকৰ্তাৰ হত্যাকাণ্ডক ইচ্ছ্যু হিচাপে লৈ লাভ আদায় কৰাৰ চেষ্টা চলাইছে৷
►হত্যাকাণ্ডত কংগ্ৰেছক জড়িত থকাৰ অভিযোগ উত্থাপন কৰি নিৰ্বাচনীৰ ইচ্ছ্যু বনোৱাৰ চেষ্টা চলাইছ বিজেপিয়ে৷
৪. দুৰ্নীতি, আইন ব্যৱস্থা
► ল’ এণ্ড অৰ্ডাৰ জৰিয়তে চৰকাৰক সাঙুৰি লোৱাৰ চেষ্টা বিজেপিৰ৷
► কোনো তথ্য নোহোৱাকৈ দুৰ্নীতিৰ অভিযোগ৷
৫.জন কল্যাণমূলক আঁচনি
► দৰিদ্ৰৰ বাবে সিদ্ধাৰামাইয়া চৰকাৰৰ বিভিন্ন আঁচনি ৰূপায়ণ৷
► ইন্দিৰা কেণ্টিনত ২৫ টকাত ৩বাৰকৈ আহাৰ প্ৰদান৷
► দৰিদ্ৰ সীমা ৰেখাৰ তলৰ পৰিয়ালৰ বাবে অন্ন ভাগ্য যোজনা৷
► ব্যৱসায়ৰ উপযোগী হোৱাকৈ চৰকাৰৰ ফ্লেগছিপ কাৰ্যসূচী৷
► দলিত আৰু পিছৰপৰা শ্ৰেণীৰ বাবে ৰেহাই মূল্যত গাড়ী প্ৰদান৷
(ndtvৰ সৌজন্যত)