দিল্লীঃ প্ৰধানমন্ত্ৰী মোদীৰ গৃহ ৰাজ্য গুজৰাট আৰু হিমাচল প্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভৰ দিশে আগবাঢ়ি থকাৰ লগে লগে বিজয়ৰ আনন্দত মতলীয়া হৈ পৰিছে বিজেপিৰ নেতা-কৰ্মী৷

গুজৰাটৰ বিভন্ন ঠাইত আনন্দ উল্লাস কৰাৰ লগতে বিজেপিৰ কৰ্মকৰ্তা সকলে দিল্লীৰ মুখ্য কাৰ্যালয়ৰ সন্মুখ নাচি বাগি আনন্দ উল্লাস প্ৰকাশ কৰা দেখা যায়৷ বাদ্য বজাই নাচি-বাগি পুৰুষ-মহিলাই আনন্দ প্ৰকাশ কৰে। বিভিন্ন ঠাইৰ পৰা একত্ৰিত হোৱা লগে লগে মিঠাই বিতৰণ কৰায়ো দেখা যায়।

পাহাৰীয়া ৰাজ্য হিমাচল প্ৰদেশত বিজেপিয়ে সংখ্যাগৰিষ্ঠতা লাভ কৰাটো খাতাং হৈ পৰিছে৷ ৬৮ বিধান সভা সমষ্টিৰ হিমাচল বিধান সভা নিবাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পিছত সোমাবাৰে পুৱাৰে পৰা ভোট গণনা আৰম্ভ হয়৷ প্ৰথম ৰাউণ্ডৰ পৰাই প্ৰায় ৪০টা সমষ্টিত বিজেপিয়ে আগবাঢ়ি আছে৷

আনহাতে গুজৰাটত পুৱাৰে পৰা এই পৰ্যন্ত গণনা কৰা ভোটৰ বিজেপিয়ে ৪৯ শতাংশ ভোট লাভ কৰাৰ লগতে কংগ্ৰেছে ৪২ শতাংশ ভোট লাভ কৰিছে৷ এই তথ্য আগবঢ়াইছে নিৰ্বাচন আয়োগে৷ আনহাতে ভোটৰ ফলাফলৰ পিছতে সংসদত মোদীয়ে সন্তোষ প্ৰকাশ কৰে৷ বিজেপিয়ে ১০৫, কংগ্ৰেছে ৭২ আৰু অন্যান্যই ৪টা সমষ্টিত আগবাঢ়ি আছে৷