newsnextone.com | ডিজিটেল ডেস্কঃ একাংশ ৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা খবৰ মতে, অমৰ নাথ যাত্ৰাৰ অন্তত বিজেপিয়ে জম্মু-কাশ্মীৰত পুনৰ চৰকাৰ গঠন কৰাৰ বাবে ঘোষণা কৰিব পাৰে৷ খবৰ মতে পিডিপিৰ কেইবাগৰাকী নেতা আৰু বিধায়কে বিজেপিত যোগদান কৰিব পাৰে৷ অমৰ নাথ যাত্ৰা সমাপ্ত হোৱাৰ পিছতে বিজেপিয়ে চৰকাৰ গঠনৰ বাবে কুচকাৱাজ চলাব পাৰে৷

বিশেষ সুত্ৰ খবৰৰ ভিত্তিত প্ৰকাশ পোৱা খবৰ মতে, ২০১৬ চনত মুফতি মহম্মদক ছঈদৰ মৃত্যুৰ পাছতে পিডিপিৰ কেইবাগৰাকী নেতাই বিজেপিত যোগদান কৰিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল৷ কিন্তু সেই সময়ত বিজেপিয়ে সৈমান হোৱা নাছিল৷ কিন্তু এইবাৰ ৰাজনৈতিক পৰিস্থিতি পৰিৱৰ্তন হোৱাৰ লগে লগে বিজেপিয়ে সেই সকল নেতাক আকোৱালি লৈ কাশ্মীৰত চৰকাৰ গঠনৰ দিশে আগবাঢ়িব পাৰে৷

কাশ্মীৰ বিধানসভাৰ মুঠ আসন আছে ৮৯ খন৷ পিডিপিৰ হাতত আছে ২৮ খন আসন৷ বিজেপিৰ হাতত আছে ২৫ আৰু কংগ্ৰেছৰ হাতত আছে ১২ খন আসন আৰু এনচিৰ হাতত আছে ১৫ খন আসন৷ চৰকাৰ গঠন কৰিবলৈ ৪৪ খন আসন প্ৰয়োজন হ’ব৷

তিনিবছৰ শাসনত থকাৰ পিছত কোনেও চৰকাৰৰ পৰা বাহিৰত থাকিব নিবিচাৰিব৷ যাৰ বাবে আমি অমৰ নাথ যাত্ৰাৰ অন্তত ডাঙৰ ঘোষণা কৰিম বুলি কয় কাশ্মীৰৰ বিজেপি নেতাই৷

একাংশ সংবাদ মাধ্যমত প্ৰকাশিত খবৰ মতে, পিচিপিৰ নেতা চজ্জাদ লোনৰ ঘৰত বিজেপিৰ কাশ্মীৰৰ প্ৰভাৰী ৰাম মাধৱে বিশেষ বৈঠক অনুষ্ঠিত কৰে৷ এই বৈঠক চৰকাৰ ভংগৰ ১০ দিন পূৰ্বে হৈছিল৷ চজ্জাদ লোনৰ মতে, প্ৰধানমন্ত্ৰী মোডীয়ে জম্মু কাশ্মীৰৰ পৰিস্থিতিথ ঠিক কৰিব পাৰিব৷ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাই কয় যে আমি চৰকাৰ গঠনৰ বাবে চৰ্চা কৰিছোঁ৷ সকলোৱে শাসনলৈ আহিব বিচাৰিছে৷ অমৰ নাথ যাত্ৰাৰ পিছত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব৷ জানিবলৈ পোৱা মতে, পিডিপিৰ বহু নেতাই বিজেপিলৈ আহিব বিচাৰে৷