newsnextone.com | ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনলৈ দিন চমু চাপি অহাৰ লগে লগে বিজেপিয়ে নিৰ্বাচনৰ বাবে নতুন নীতি অৱলম্বন কৰি জোৰদাৰ প্ৰস্তুতি চলোৱা পৰিলক্ষিত হৈছে৷ বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে ‘সমৰ্থনৰ বাবে সম্পৰ্ক’ অভিযান আৰম্ভ কৰি বিভিন্ন বিষয়ৰ প্ৰভাৱশালী লোকসকলক সাক্ষাত কৰি ফুৰিছে৷ যাৰ দ্বাৰা বিজেপিয়ে ২০১৯ৰ লোকসভা নিৰ্বানত সমৰ্থন আৰু সহযোগিতা আদায় কৰিব বিচাৰিছে৷ 

সমৰ্থনৰ বাবে সম্পৰ্ক অভিযানৰ আধাৰত বুধবাৰে বিজেপি অধ্যক্ষ অমিত শ্বাহে মুম্বাইত উপস্থিত হৈ হিন্দী ছবি জগতৰ মোহময়ী অভিনেত্ৰী মাধুৰী দীক্ষিত আৰু স্বামী ডা০ শ্ৰীৰাম মাধৱ নেনেক সাক্ষাত কৰে৷ তদুপৰি অমিত শ্বাহে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফৰণবীচৰ সৈতেও সাক্ষাত কৰে৷

ইয়াৰ পিছতে বুধবাৰে সন্ধিয়া অমিত শ্বাহে সহযোগী দল শিৱসেনাৰ প্ৰধান উদ্ধৱ থাকৰেক সাক্ষাত কৰিব বুলি জানিব পৰা গৈছে৷ অন্যহাতে বুধবাৰেই তেওঁ সংগূত সম্ৰাজ্ঞী লতা মংগেশকাৰ আৰু টাটা কোম্পানীৰ প্ৰধান ৰতন টাটাৰ সৈতে সাক্ষাত কৰিব৷ এই সাক্ষাতৰ জৰিয়তে অমিত শ্বাহে বিজেপিৰ ৪ বছৰ অতিক্ৰম কৰা চৰকাৰখনৰ উপলব্ধি কেনে জানিবলৈ চেষ্টা কৰাৰ লগতে সাক্ষাত কৰা প্ৰভাৱশালী লোকসকলক বিজেপিৰ সমৰ্থন কৰিবলৈ আহ্বান জনাব৷

আনহাতে প্ৰকাশ পোৱা বাতৰি অনুসৰি মাধুৰী দীক্ষিতৰ সৈতে অমিত শ্বাহৰ সাক্ষাত মোহময়ী অভিনেত্ৰীগৰাকীক ৰাজনীতিৰ সৈতে জড়িত কৰিব বিচৰাৰ সংকেত বুলি অনুমান কৰা হৈছে৷ জানিব পৰা মতে, বিজেপিৰ কেইবাগৰাকী জ্যেষ্ঠ নেতাইও পূৰ্বে মাধুৰি দীক্ষিতক সাক্ষাত কৰিছে, যাৰ দ্বাৰা অভিনেত্ৰীগৰাকীয়ে বিজেপিত যোগদান কৰি ২০১৯ৰ লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মত চলিছে৷