newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৪ চনত কেন্দ্ৰৰ শাসনভাৰ গ্ৰহণ কৰা আৰু দেশৰ কেইবাখনো ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি দলৰ নেতা-কৰ্মীয়ে নিজ দলৰে একাংশ ৰাষ্ট্ৰীয় নেতা তথা মন্ত্ৰীৰ নাৰাজ নে কি? ২০১৪ চনৰ বিজেপি আৰু এতিয়াৰ বিজেপিৰ মাজত বহু প্ৰাৰ্থক্য আহি পৰিছে নে কি৷ ক্ৰমাগতভাৱে সাধাৰণৰ ৰাইজৰ লগতে বিজেপিৰ নেতাৰো বিজেপি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ, অসন্তুষ্টি বৃদ্ধি হৈছে নেকি৷ 

কংগ্ৰেছৰ ৬০ বছৰীয়া শাসন কালক একো কৰিব নোৱাৰা বুলি কৈ দেশত নতুন কিবা এটা কৰি দেখুৱাম বুলি দাবী কোৱাত বিজেপিক জনতাই ভোটদান কৰিছিল, সেই বিজেপি আজি ক্ষেমতাকেন্দ্ৰিক ৰাজনীতিত নামি পৰা বুলি সচেতন মহলে অভিযোগ উত্থাপন কৰিবলৈ লৈছে৷ 

ইফালে বিৰোধীয়ে একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে৷ আনহাতে সাব্যস্ত হৈছে, ধৰ্ণা, প্ৰতিবাদ, গণ আন্দোলন৷ জনতা তথা বিৰোধীৰ প্ৰতিবাদৰ পিছত এইবাৰ প্ৰতিবাদত নামি পৰিব হেনো দলৰে নেতা-বিধায়ক৷ বিজেপি সাংসদ ৰবীন্দ্ৰ কুশবাহা আৰু বিধায়ক সুৰেন্দ্ৰ সিংহই পৃথক পৃথক কাৰণত বিজেপি চৰকাৰৰ বিৰুদ্ধে ধৰ্ণা প্ৰদৰ্শন কৰিব বুলি দলক সকিয়নী প্ৰদান কৰিছে৷ 

সাংসদ কুশবাহাই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত কয়, তেওঁৰ সংসদীয় ক্ষেত্ৰৰ অন্তৰ্গত বিলথৰা ৰোজ আৰু চলেমপুৰ ৰেলৱে ষ্টেচনত কেইবাখনো যাত্ৰী বাহী ৰেলৰ ষ্টপেজ দিবলৈ সংসদীয় ক্ষেত্ৰটোৰ জনতাই দাবী উত্থাপন কৰিছে৷ এই বিষয়ে কুশবাহাই ৰেল মন্ত্ৰী পীয়ুষ গোৱেলক ৮ খন পত্ৰ প্ৰেৰণ কৰাৰ পিছতো গোৱেল তথা বিজেপি চৰকাৰে কোনো ধৰণৰ সঁহাৰি প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰে কুশবাহাই৷ 

বিগত বৰ্ষত সংসদ ভৱনত অনুষ্ঠিত বৈঠকতো সাংসদগৰাকীয়ে ৰাইজৰ দাবীৰ বিষয়ে উত্থাপন কৰিছিল যদিও ৰেলমন্ত্ৰীগৰাকীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে বুলি মন্তব্য প্ৰকাশ কৰে কুশবাহাই৷

তেওঁ কয় যে, সংসদীয় ক্ষেত্ৰটোৰ ষ্টেচন দুটাত ৰেলৰ ষ্টপেজ প্ৰদান নকৰাক লৈ জনতা অসন্তুষ্ট হৈ পৰিছে৷ জনতাই চৰকাৰৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে৷ যাৰ ফলত সমষ্টিত বিজেপিৰ শক্তি কমি যোৱা পৰিলক্ষিত হৈছে৷ আগন্তক গ্ৰীস্মকালীন অধিবেশনৰ পূৰ্বে যদি বিষয়টোত চৰকাৰে গুৰুত্ব প্ৰদান নকৰে তেন্তে সংসদ ভৱনৰ চৌহদৰ গান্ধীৰ মূৰ্তিৰ সন্মুখত ধৰ্ণা প্ৰদৰ্শণ কৰিব বুলিও সাংসদগৰাকীয়ে দলক সকিয়নী প্ৰদান কৰে৷

ইফালে, উত্তৰ প্ৰদেশৰ বৈৰিয়া সমষ্টিৰ চৰ্চিত বিজেপি বিধায়ক সুৰেন্দ্ৰ সিঙেও ৰাজ্যখনৰ যোগী আদিত্যনাথৰ চৰকাৰৰ বিৰুদ্ধে বিসম্বাদ কৰা পৰিলক্ষিত হৈছে৷ বিধায়কগৰাকীয়ে বৈৰিয়া তহচিলত দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ উত্থাপন কৰি ইয়াৰ বিৰুদ্ধে ৫ জুনত ধৰ্ণা প্ৰদৰ্শন কাৰ্যসূচী পালন কৰিব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷