newsnextone.com | ডিজিটেল ডেস্কঃ দেশ তথা কেইবাখনো ৰাজ্যৰ শাসন ভাৰ বিজেপিয়ে দখল কৰাৰ পিছত কেইবাগৰাকীও নেতা-মন্ত্ৰী-বিধায়কে বিতৰ্কিত মন্তব্য প্ৰদান কৰি চৰ্চাত থকা পৰিলক্ষিত হৈ আহিছে৷ বিজেপিৰ নেতা, মন্ত্ৰী-বিধায়কৰ বিতৰ্কিত মন্তবই দলৰ ভিতৰচৰাতো অসন্তুষ্টি বৃদ্ধি কৰিছে৷ 

আনহাতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে খোদ বিতৰ্কিত মন্তব্য নিদিবলৈ দলৰ নেতা-কৰ্মীক আহ্বান জনোৱা পৰিলক্ষিত হৈছে৷ কিন্তু তাৰ পাছতো একাংশ বিজেপি নেতা, বিধায়কৰ মন্তব্যই সংবাদ মাধ্যমত খলকনি সৃষ্টি কৰিছে৷

সোমবাৰে তেলেংগানাৰ বিজেপি বিধায়ক টি ৰাজা সিঙে এক বিবাদস্পষ্ট মন্তব্য প্ৰদান কৰে৷ তেওঁ কয়, ভোট ভীক্ষা খোজা সকলেহে ইফটাৰ পাৰ্টিৰ আয়োজন কৰে৷ 

প্ৰায়ে বিতৰ্কিত মন্তব্য প্ৰকাশ কৰি চৰ্চাত থকা বিজেপি বিধায়ক টি ৰাজা সিঙে ধৰ্মীয় অনুভূতিৰ সৈতে জৰিত ইফটাৰৰ বিষয়ে মন্তব্য কৰি কয় যে এনে অনুষ্ঠানে সম্প্ৰীতি বিনষ্ট কৰে, তেওঁ নিজেও ইফটাৰ আয়োজন নকৰে আৰু আনে আয়োজন কৰা ইফটাৰৰ আমন্ত্ৰণো গ্ৰহণ নকৰে বুলি মন্তব্য কৰে৷

তেওঁ কয়, ‘এই কেইদিন তেলেংগানাৰ কেইবাগৰাকীও বিধায়কে মূৰত টুপী পিন্ধি চেল্ফি উঠি ইফটাৰ পাৰ্টি আয়োজনত মচগুল আছে৷ তেওঁলোকে ভাৱিছে যে যদি তেওঁলোকে ভোট বেংক ৰাজনীতি কৰিব লাগে, তেন্তে সবকা সাথ, সবকা বিকাশৰ বিষয়ে চিন্তা কৰিব লাগিব৷’ বিধায়কগৰাকীয়ে পুনৰ কয়, ‘যি তেওলোকৰ সৈতে ইফটাৰ পাৰ্টিত অংশ লয়, তেওঁলোক ভোটৰ ভিখাৰী৷ মোৰ চিন্তা সমূলি পৃথক৷’

ইফালে বিধায়ক গৰাকীৰ এই মন্তব্যৰ পিছতে বিভিন্ন বিধায়কগৰাকীৰ বিৰুদ্ধে বিক্ষোভ প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে৷ বিধায়কগৰাকীৰ এনে মন্তব্যক তীব্ৰ গৰিহণা দি দেশত সাম্প্ৰদায়িকতাৰ বীজ ৰোপন কৰিব বিচৰা বুলি বিভিন্নজনে অভিযোগ উত্থাপন কৰিছে৷