ডিজিটেল ডেস্কঃ লোকসভা আৰু ৰাজ্যসভা বাৰে বাৰে স্থগিত ৰাখিব লগা হোৱাৰ বাবে কংগ্ৰেছ আৰু বিজেপিৰ মাজত অভিযোগ প্ৰতি অভিযোগ অব্যাহত আছে৷ সদন চলিব নিদিয়াৰ অভিযোগ শাসক-বিৰোধীৰ মাজত৷ বিৰোধীয়ে শাসকীয় এনডিএৰ বিৰুদ্ধে সদন চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শাসকীয় বিজেপিয়ে কংগ্ৰেছেৰ বাবে সদন অচল হৈ অহা বুলি কব খোজে৷
The Chair(in Rajya Sabha) can only talk to both sides(Govt and Opposition), and the Chairman(VP Naidu) did his best to bring them together, he met them also separately: PJ Kurien, Rajya Sabha Deputy Chairman on #BudgetSession of Parliament pic.twitter.com/7XWQIcbKRa
— ANI (@ANI) April 6, 2018
যাৰ বাবে শুকুৰবাৰে শাসকীয় বিজেপিৰ সাংসদে কংগ্ৰেছৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ সংসদ ভৱন চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি ১২ এপ্ৰিলত নিজ নিজ সমষ্টিলৈ গৈ অনশনত বহিব বিজেপিৰ সাংসদে৷ শুকুৰবাৰে সদন অনিৰ্দিষ্টকাললৈ স্থগিত ৰখাৰ পাছতেই কেন্দ্ৰীয় মন্ত্ৰী আৰু সাংসদে ধৰ্ণা প্ৰদৰ্শন কৰি কংগ্ৰেছৰ বিৰুদ্ধে লোকতন্ত্ৰক হত্যাৰ অভিযোগ উত্থাপন কৰে৷ জনাদেশক অপমান কৰা বুলি বিভিন্ন শ্ল’গান দিয়ে৷
In the second stage of our protest, all BJP MPs will observe a one-day fast in their respective constituencies on April 12. This will be done across the nation: Ananth Kumar, Parliamentary Affairs Minister on protest against Congress pic.twitter.com/nq1MOWKGON
— ANI (@ANI) April 6, 2018
তাৰ মাজেত বিজেপি নেত্ৰী উমা ভাৰতীয়ে ৰাজপথলৈ আহি কংগ্ৰেছক যুদ্ধ কৰিবলৈ আহ্বান জনাই৷ সংসদীয় পৰিক্ৰমা মন্ত্ৰী অনন্ত কুমাৰে বাজেট ক্ষেত্ৰ আৰম্ভ হোৱাৰ পিছৰে পৰা ছোনীয়া গান্ধী আৰু ৰাহুল গান্ধীৰ নেতৃত্বৰ কংগ্ৰেছ দলে সংসদৰ কাম কাজ চলিবলৈ দিয়া নাই বুলি অভিযোগ উত্থাপন কৰে৷ নৰেন্দ্ৰ মোদীয়ে সমগ্ৰ দেশত যি সমৰ্থন লাভ কৰিছে তাক কংগ্ৰেছ দলে পাৰ পোৱা নাই আৰু জনাদেশক আপমান কৰিছে বুলি কয় অনন্ত কুমাৰে৷
দেশৰ জনতাই বিজেপিক ২১ খন ৰাজ্যত চৰকাৰ গঠন কৰাৰ বাবে জনমত দিছে৷ কিন্তু কংগ্ৰেছে এই কথাক মানি লব খোজা নাই৷ দেশৰ জনতাক অনাদৰ কৰিছে৷
সংসদ হৈছে লোকতন্ত্ৰৰ মন্দিৰ৷ আমি প্ৰথমৰ পৰাই সকলো দলৰ সৈতে কথা পাতি আছো৷ আমি বেংকৰ অনিয়ম, কাবেৰী বিষয়, দলিতৰ বিষয়ত চৰ্চা কৰিবলৈ সাজু কিন্তু কংগ্ৰেছে চৰ্চা কৰিব নিদিয়ে বুলি কয় সংসদীয় পৰিক্ৰমামন্ত্ৰীগৰাকীয়ে৷
অনন্ত কুমাৰে সংসদ নচলাৰ বাবে দুখি সাংসদে বাবা চাহেবৰ মূৰ্তিৰ সন্মুখত একত্ৰিত হৈ আৱেগ জাহিৰ কৰিছে বুলি কয়৷ কেন্দ্ৰীয় মন্ত্ৰী নৰেন্দ্ৰ ত’মাৰে কংগ্ৰেছে দিশহীনতাৰ স্বীকাৰ হোৱা বুলি কয়৷ হতাশাত পৰি সংসদ চলিব নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷ সংসদত সকলো সাংসদে নিজ নিজ সমষ্টিৰ সমস্যাৰ বিষয় উত্থাপন কৰিব বিচাৰে বুলি কৈ জনসাধৰণৰ কল্যাণ কৰিব বিচাৰে৷ কংগ্ৰেছে সাংসদৰ এই অধিকাৰ কাঢ়ি নিয়া বুলি কয় ত’মাৰে৷