newsnextone.com | ডিজিটেল ডেস্কঃ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে এনডিএ চৰকাৰৰ বিস্তাৰ সাধন কৰি নতুন সংগীৰ সৈতে জড়িত হোৱাৰ বিষয়ে মন্তব্য কৰিছে৷ সোমবাৰে চেন্নাইত উপস্থিত হৈ শ্বাহে কয় যে, তামিলনাডুত বহুমত বৃদ্ধি কৰাৰ বাবে দলে বিজেপি মিত্ৰজোঁটৰ বিষয়ে চিন্তা চৰ্চা কৰি আছে৷

উল্লেখ্য যে,  সোমবাৰে বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে চেন্নাইত বিজেপিৰ শক্তি আৰু মহাশক্তি কেন্দ্ৰৰ প্ৰায় ১৫ হাজাৰ সদস্যৰ এখন বৈঠকত অংশ লয়। বৈঠকত ভাষণ প্ৰদান কৰি অমিত শ্বাহে কয়, ‘আমি আমাৰ বৰ্তমানৰ সহযোগী সকলক সন্মান জনাইছোঁ আৰু লোকসভা নিৰ্বাচনৰ পূৰ্বে আমি আমাৰ দলৰ সৈতে নতুন বন্ধুক সংযুক্ত কৰিম আৰু ৰাষ্ট্ৰৰ বাবে পুনৰ এখন শক্তিশালী চৰকাৰ গঠন কৰিম৷’

বিজেপি অধ্যক্ষ গৰাকীয়ে কয় যে, লোকসভা নিৰ্বাচনৰৰ পূৰ্বে তেওঁ তামিলনাডুত বিজেপি দলৰ নতুন সহযোগী সকলৰ নাম ঘোষণা কৰিব৷ ইফালে, ৰাজ্যখনৰ প্ৰধান বিৰোধী দল ডিএমকেৰ নাম উল্লেখ নকৰাকৈয়ে শ্বাহে ডিএমকেক আক্ৰমণৰ লক্ষ্য কৰি লোৱা পৰিলক্ষিত হয়৷ তেওঁ ডিএমকেক পৰোক্ষ আক্ৰমণ কৰি কয়, ৰাজ্যখনৰ বিৰোধী দলে তামিল গৌৰৱৰ বিষয় উত্থাপন কৰি ৰাজ্যবাসীৰ মাজত বিজেপি তামিল বিৰোধী বুলি কুপ্ৰচাৰ অভিযান আৰম্ভ কৰিছে৷

অমিত শ্বাহে কয়, ‘তামিল গৌৰৱৰ বিষয় যিসকলে উঠাই আছে, তেওঁলোকৰ আমাৰ বিৰুদ্ধে কুপ্ৰচাৰ চলোৱাত অংশ লৈছে৷ তামিল গৌৰৱ আৰু তামিল ভাষাৰ ৰক্ষাৰ বাবে বিজেপি আৰু বিজেপিৰ নেতৃত্বৰ তামিল চৰকাৰৰ দৰে আন কোনো দলেই দায়বদ্ধ নহয়।’ 

অমিত শ্বাহে কয়, ‘যেতিয়া বিৰোধীয়ে (ডিএমকে) কেন্দ্ৰত ইউপিএৰ সৈতে চৰকাৰ গঠন কৰিছিল, তেতিয়া ৰেলৱে’ টিকটৰ প্ৰিন্ট তামিল ভাষাত হোৱা নাছিল। কিন্তু নৰেন্দ্ৰ মোডীয়ে ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তামিল ভাষাৰ ব্যৱহাৰ কৰা হ’ল।’  লগতে শ্বাহে এয়াও কয়, ‘বিজেপিয়ে সকলো ৰাজ্যৰ স্বাভিমানক সন্মান কৰে, কিয়োনো এয়া বিজেপিৰ সংস্কৃতি।’