newsnextone.com | ডিজিটেল ডেস্কঃ মঙলবাৰে আৰম্ভ গৈছে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোটগণনা৷ আৰু কিছু ঘন্টাৰ পিছতেই ৰাজ্যখনৰ পৰনৰ্তী চৰকাৰ সকাৰ হাতলৈ যাব সেয়া নিশ্চিত হ’ব৷ কিন্তু নিৰ্বাচনৰ চুড়ান্ত ফলাফল ঘোষণা হোৱাৰ আগতেই সোমবাৰে যোগ গুৰু ৰাম দেৱে ৰাজ্যখনৰ পৰৱৰ্তী চৰকাৰ কাৰ হ’ব সেয়া ভৱিষ্যতবাণী কৰে৷ কৰ্ণাটকত বিজেপিয়েই শাসনাধিষ্ঠিত হ’ব বুলি মন্তব্য কৰে যোগগুৰু ৰামদেৱে৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কেন্দ্ৰ বাৰানসীত সংবাদ মাধ্যমক দিয়া এটি সাক্ষাৎকাৰত বাবা ৰামদেৱে কয় যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত যিটো দলে জয়লাভ কৰিব, সেই দলে ২০১৯ চনৰ লোকসভা নিৰ্বাচনতো জয়লাভ কৰিব৷ সাক্ষাৎকাৰত তেওঁ কয় যে কৰ্ণাটকত বিজেপিয়েই জয়লাভ কৰিব, তাত কোনো সন্দেহ নাই৷ 

আনহাতে সাক্ষাৎকাৰত বাবা ৰামদেৱে প্ৰাক্তন কেন্দ্ৰীয় বিত্তমন্ত্ৰী পি চিদাম্বৰমক তীব্ৰ সমোলোচনা কৰা পৰিলক্ষিত হয়৷ তেওঁ কয়, ‘কলা ধন যে তেঁলেই হৰপ কৰিছিল, সেয়া এতিয়া স্পষ্ট৷ তেওঁৰ বিৰুদ্ধে উত্থাপন হোৱা সকলো অভিযোগ লাহে লাহে সত্য বুলি প্ৰমাণিত হবলৈ ধৰিছে৷ পাপ কেতিয়াও ঢোকি ৰাখিব নোৱাৰি৷’

পবিত্ৰ গংগা নদীৰ সংস্কাৰ সাধনক লৈ যথেষ্ট সুখী বুলি মন্তব্য কৰে যোগগুৰু ৰামদেৱে৷ গংগা নদীৰ ৰক্ষণাবেক্ষণৰ বাবে আৰু বহুতো কাম কৰিবলগীয়া আছে বুলি প্ৰশাসনক ৰামদেৱে সোঁৱৰাই দিয়ে৷