আগৰতলাঃ বিজেপিয়ে ত্ৰিপুৰাত ৩৮ খন আসনত আগবাঢ়ি আছে৷ ২০১৩ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে এখনো আসন লাভ কৰা নাছিল৷ কেন্দ্ৰৰ শাসকীয় দলটোৱে প্ৰায় ৬ মাহৰ ভিতৰতে ত্ৰিপুৰাত দলক সবল কৰিবলৈ সক্ষম হোৱাৰ লগতে ২৫ বছৰে শাসন কৰি থকা চিপিআইএমক প্ৰত্যাহ্বান জনায়৷ শনিবাৰে পুৱাৰে পৰা উত্তৰ পূৰ্বাঞ্চলৰ ৩ খন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।

ত্ৰিপুৰাত মুঠ ৫৯ টা বিধান সভা সমষ্টিত ২৯২গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ব৷ ত্ৰিপুৰাত বিজেপি-৩৮ খন আৰু চিপিআইএম-২২ খন আসনত আগাঢ়ি আছে৷ ইতিমধ্যে ৰাজ্য খনৰ ৰাজধানী চহৰ আতৰতলাত বিজেপি কৰ্মীয়ে আনন্দ উলাহ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে৷ হোলীৰ বতৰ চলি থকাৰ সময়তে এই ফলাফলে বিজেপিক পুনৰ হোলীৰ উৎসৱ পালন কৰাৰ সুবিধা দিলে বুলি চৰ্চা আৰম্ভ হৈছে৷ আগৰতলাৰ বিজেপি কাৰ্যালয়ত ৰাজ্যিক নেতা আৰু ৰাষ্ট্ৰিয় নেতা জিন্দাবাদ ধ্বনি দিয়াৰ লগতে নাচ-গান কৰা দেখা যায় বিজেপিৰ নেতা-কৰ্মীয়ে৷