newsnextone.com | ডিজিটেল ডেস্কঃ সোমবাৰে পশ্চিম বংগৰ মেদিনাপুৰত এখন কৃষক জন কল্যাণ সভাত অংশ লয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে৷ যাৰ বাবে মেদিনাপুৰ চহৰৰ কলেজ ময়দানত বৃহৎ মঞ্চ-ৰভা সাজি উলিওৱা হৈছিল৷ যোৱা কেইবাটাও দিন ধৰি মানুহ সমবেত কৰিবৰ বাবে বিজেপিয়ে অভিযান চলাই৷ 

সেই মতেই সোমবাৰে পুৱাৰে পৰা ৰাজ্য খনৰ বিভিন্ন প্ৰান্তৰ পৰা শ-শ বাছ মেদিনাপুৰ অভিমুখে ৰাওনা হৈছিল৷ হাজাৰ হাজাৰ বিজেপিৰ সমৰ্থক উপস্থিত হৈছিল সভাত৷ যাৰ ফলত মদিনাপুৰত অভাৱনীয় যান-জোঁটৰ সৃষ্টি হৈছিল৷ 

যান-জোঁটৰ বাবে সভালৈ অহা বহু গাড়ী সভা অনুষ্ঠিত হোৱাৰ ঠাইৰ পৰা কেইবা কিঃ মিঃ দূৰত ৰব লগা হয়৷ যাৰ ফলত আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে বিজেপিৰ নেতা-কৰ্মী৷ যোন জোঁট নিয়ন্ত্ৰণৰ বাবে নিয়োগ কৰা আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয়৷ কেইবাগৰাকী আৰক্ষীৰ জোৱানক খেদি খেদি বৰ্বৰ ভাৱে প্ৰহাৰ কৰে বিজেপিৰ সমৰ্থকে৷ ফলত দৌৰি দৌৰি পলায়ন কৰিব লগা আৰক্ষীৰ জোৱান৷ মদিনাপুৰৰ সমীপৰ চৌৰাংগী ক্ৰচিঙৰ খৰাগপুৰ নামৰ ঠাইত এই ঘটনা সংঘটিত হয়৷ জানিব পৰা মতে, মোডীৰ ভাষণ শুনিব নোপোৱাৰ ফলতেই ক্ষোভিত হৈ আৰক্ষীক আক্ৰমণৰ লক্ষ্য কৰি লয় বিজেপিৰ সমৰ্থকে৷