গুৱাহাটীঃ ষোল্ল শতিকাৰ পৰা কুৰি শতিকালৈ মহিলাৰ জীৱনৰ পৰিৱৰ্তন, সুখ দুখৰ আদি সমুহ বৃতান্ত সন্নিবিষ্ট কৰি ড০ অঞ্জলি শৰ্মাৰ  'অসমীয়া মহিলাৰ জীৱন আৰু কৰ্ম' নামৰ পুঠি খন দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচন কৰা হয়। 

এই পুঠি খনত অকল মহিলাৰ পৰিৱৰ্তিত জীৱনেই নাই ইয়াত আছে সেই সকল মহীয়সী নাৰীৰ জীৱন গাথা যি সকলে অসমীয়া সমাজক মহীয়ান কৰি থৈ গৈছে৷

গুৱাহাটী বিশ্ববিদ্যালৰ শিক্ষা বিভাগৰ প্ৰাক্তন অধ্যক্ষ ড০ গোবিন্দ প্ৰসাদ শৰ্মাৰ সহধৰ্মিনী অঞ্জলি শৰ্মাই এই কিতাপ খন উন্মোচন কৰে বিশিষ্ট লেখিকা নিৰুপমা বৰগোঞিয়ে৷ কিতাপ খন সন্দৰ্ভত বৰগোঞিয়ে কয় যে, ‘অঞ্জলি শৰ্মা এগৰাকী পৰিশ্ৰমি লেখিকা, তেওঁৰ সকলো কাম শলাগ বলগীয়া৷ আজিৰ দিনত এনে পৰিশ্ৰম কৰি সঠিক তথ্যৰে কিতাপ লিখা মানুহ একেবাৰেই কম’