দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ পশ্চিম নলবাৰী অঞ্চলৰ বেলশৰ গাঁও নিবাসী বিশিষ্ট ব্যৱসায়ী, জ্যেষ্ঠ নাগৰিক তথা বিশিষ্ট সমাজকৰ্মী ৰমেশ চন্দ্ৰ ডেকাৰ বুধবাৰে পুৱতি নিশা ৩-১৫ বজাত বেলশৰৰ নিজা বাসভৱনত পৰলোক প্ৰাপ্তি ঘটে।
বেলশৰ বজাৰৰ প্ৰতিষ্ঠা কালৰেপৰা ব্যৱসায়ৰ লগতে বিভিন্ন সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰৰ লগত তেওঁ জড়িত আছিল। তেওঁৰ মৃত্যুত বেলশৰ অঞ্চলত শোকৰ ছাঁ পৰিছে।
বিশিষ্ট সমাজসেৱীজনৰ মৃত্যুত বৃহত্তৰ বেলশৰ বজাৰ সমিতিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে অঞ্চলটোৰ সকলো ব্যৱসায়িক প্ৰতিস্থান এদিনৰ বাবে বন্ধ ৰাখি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৪ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নীৰ উপৰি দুই পুত্ৰ, বোৱাৰী, জী-জোৱাই, তিনিটা নাতি, তিনিজনী নাতিনী আৰু অসংখ্য গুণমুগ্ধক ইহ-সংসাৰত এৰি থৈ যায়। আজি ৰাজহুৱা শ্মশানত বিশিষ্ট ব্যক্তিগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া সমাপন কৰা হয়।