দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰৰ সাংবাদিক, প্ৰাক্তন ছাত্র নেতা তথা শিক্ষক প্ৰয়াত প্ৰদীপ কলিতাৰ দেওবাৰে একাদ্বশ তম্ বাষিৰ্কী মৃত্যু তিথি উপলক্ষে ঘগ্ৰাপাৰ প্ৰেছ ক্লাবত এখন স্মৃতিচাৰণ অনুষ্ঠান আয়োজন কৰা হয়।
ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই আঁত ধৰা স্মৃতিচাৰণ অনুষ্ঠিত মুখ্য বন্তি প্ৰজ্বলনৰে কাৰ্য্যসূচী আৰম্ভণি কৰে৷ ঘগ্ৰাপাৰ প্ৰেছ ক্লাবৰ সভাপতি অমূল্য কলিতাই।
সাংবাদিক প্ৰদীপ কলিতাৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু স্মৃতিচাৰণ অনুষ্ঠানত সতীৰ্থ সাংবাদিক, বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত সাংবাদিক কলিতাৰ প্ৰতিচ্ছবিত পুস্পাঞ্জলি অৰ্পন কৰি মৌন প্ৰাৰ্থনা কৰে।
ইয়াৰ পিছত স্মৃতি ৰোমন্থন কৰি নলবাৰী জিলা সাহিত্য সভাৰ পত্ৰিকা সম্পাদক শ্বাহ আলাম আহমেদে কয় য়ে সাংবাদিক প্ৰদীপ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণাৰ প্ৰতীকেই নহয় তেওঁ আছিল এগৰাকী সৎ-সাহসী, নিৰ্ভীক সাংবাদ সেৱক আছিল।
শিক্ষক তথা সাংবাদিক অমূল্য কলিতাই প্ৰয়াত সাংবাদিক, শিক্ষক কলিতাৰ সান্নিধ্য লাভ কৰাৰ স্মৃতি সোঁৱৰি আৱেগিক হৈ পৰে। অনুষ্ঠানত নলবাৰী জিলা উন্নতি সভাৰ সম্পাদক ৰাতুল চন্দ্ৰ ডেকা, সাংবাদিক তপন দাস, বীৰেণ কলিতা, ৰবীন্দ্ৰনাথ কলিতা, প্ৰাক্তন ছাত্ৰ নেতা শৰৎ কলিতা, ঘগ্ৰাপাৰ আঞ্চলিক ছাত্র সন্থাৰ সভাপতি হীৰকজ্যোতি শৰ্মা, সাংবাদিক দ্বিজেন ডেকা, আদিয়ে প্ৰয়াত সাংবাদিক কলিতাৰ কৰ্মময় জীৱন তথা শৈশৱ, সাংবাদিক, শিক্ষক, ছাত্ৰ অৱস্থা, ৰাজনৈতিক দিশ আদিৰ ওপৰত বিতংকৈ আলোকপাত কৰে। সভাত অঞ্চলটো বিশিষ্ট ব্যক্তিৰ লগতে ৰাইজ উপস্থিত থাকে।