বৰপেটাৰোডঃ বৰপেটা ৰোডৰ পৌৰ সভাৰ অকৰ্মণতা, তথা নল নৰ্দমা কোনো নীতি নিয়মৰ মাজৰে নিৰ্মাণ নকৰাৰ ফলত তথা মৰা মানাহত একাংশ লোকে জাৱৰ যোথৰ পেলোৱাৰ লগতে মৰা মানাহ দখল কৰি চহৰ বৰষুণ পানী সময় মতে ওলাই যোৱাৰ নোৱাৰাৰ বাবে যেন চহৰখনৰ সাধাৰণ জনতাই জীয়াটোৰ ভোগী আহিছে প্ৰতি বছৰে বাৰিষাৰ সময়ত।
মুখলধাৰ বৰষুণৰ ফলত চহৰ বিশেষকৈ বৰপেটাৰােডৰ বজাৰ অঞ্চলকে ধৰি বৰপেটাৰোডৰ কলসভাঙা, শান্তিনগৰ, উত্তৰ বৰপেটাৰােড, সেউজপুৰ, মিলন নগৰ, আৰণ্যক, বাবুপাড়া, মানসৰােড, মিছনৰোড, শ্যামাপল্লী, বর্মনপাৰা, চন্দনপুৰ, পানীটেংকি, শিমলাগুৰি আদি বিভিন্ন এলেকাৰ লগতে ঘৰ দুৱাৰ উপৰিও বাট-পথ আদিও জলমগ্ন হৈছে।
তাৰোপৰি চহৰখনৰ সমীপৰ হাউলী, গোবৰ্ধনা, সৰভোগ, মাজগাও, আনন্দৰ বজাৰ, বাক্সা জিলাৰ শালবাৰী, আদিকে কৰি প্ৰায় লক্ষাধিক কৃষকৰ কৃষি ভূমি বানত জলমগ্ন হোৱাত দুখীয়া কৃষক ৰাইজে মূৰে কপালে হাত দিবলগীয়া হৈছে।