অভয়াপুৰীঃ সাহস থাকিলে বিপদ পলাই ফাট মাৰিবলৈ বাধ্য হয়। তাকেই প্ৰমাণ কৰি দেখুৱালে বঙাইগাঁও জিলাৰ যোগীঘোপাৰ এগৰাকী ছাত্ৰীয়ে। ছাত্ৰীগৰাকীৰ এই সাহসে এতিয়া বহুতকে অনুপ্ৰাণিত কৰি তোলাৰ লগতে অসৎ মনোবৃত্তিৰ লোকসকলক অলপ হ'লেও ভয় খুৱাবলৈ সমৰ্থ হৈছে।
জানিব পৰা মতে অইন দিনাৰ দৰে মঙলবাৰেও নিজ গৃহৰ পৰা ছাত্ৰীগৰাকী এখন টেম্প'ৰে বিদ্যালয়লৈ গৈ আছিল। সেই সময়তে লম্পট টেম্প' চালক আৰু এটা সহযোগী লম্পটৰ দলে পৰিকল্পিতভাৱে অসৎ কামনা চৰিতাৰ্থ কৰাৰ উদ্দেশ্যে ভিতৰুৱা পথেৰে নিবলৈ চেষ্টা কৰিছিল।
লম্পটৰ দলটোৰ এনে কু-কাৰ্যত উপায়ন্তৰ হৈ ছাত্ৰীগৰাকীয়ে চলন্ত টেম্প'খনৰ পৰা জপিয়াই নিজকে ৰক্ষা কৰে। ইপিনে ঘটনা অঞ্চলটোত বন জুইৰ দৰে বিয়পি পৰাত উত্তেজিত ৰাইজে কৌশলেৰে লম্পট টেম্প' চালক ইমদাদুল হকক কৰায়ত্ত কৰি উত্তম- মাধ্যম শোধাই আৰক্ষীক গতাই দিয়ে।
উত্তৰ শালমাৰা মহকুমাৰ অন্তৰ্গত যোগীঘোপা থানাৰ অধীনস্থ চলন্তপাৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰীগৰাকীয়ে এনেদৰে সাহসিকতাৰে এক নিশ্চিত বিপদৰ পৰা হাত সাৰিবলৈ সক্ষম হয় ।
বৰ্তমান লম্পট যুৱকজন যোগীঘোপা আৰক্ষী থানাৰ জিম্মাত আছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পৰিয়ালে যোগীঘোপা থানাত এজাহাৰ দাখিল কৰিছে। ঘটনাটোক লৈ অঞ্চলটোত বৰ্তমানো অব্যাহত আছে প্ৰতিক্ৰিয়া।