ডিজিটেল ডেস্কঃ শুকুৰবাৰে ৬ খন ৰাজ্যত ৰাজ্য সভাৰ ২৫ খন আসনৰ ভোটগ্ৰহণৰ লগতে ভোটগণনাও অনুষ্ঠিত হয়৷ তাৰ মাজতে উত্তৰ প্ৰদেশত ক্ৰছ ভোটিঙৰ অভিযোগ উত্থাপন হৈছে৷ বিধান সভাৰ সদস্য নিৰিখ অনুসৰি ৰাজ্য খনৰ ১০ খন আসনৰ ভিতৰত ৮ খন বিজেপি, এখন সমাজবাদীৰ পাৰ্টিৰ জয় নিশ্চিত৷ কিন্তু ১০নং আসনৰ বাবে চৰ্চা আৰম্ভ হৈছে দেশজুৰি৷
উত্তৰ প্ৰদেশৰ ৰাজ্য সভাৰ নিৰ্বাচনত জয়ী হ’বলৈ একো একোজন প্ৰাৰ্থীক ৩৭টাকৈ ভোটৰ প্ৰয়োজন৷ প্ৰয়োজনীয় ভোট নাথাকিলেও বহুজন সমাজবাদী পাৰ্টি আৰু বিজেপিয়ে প্ৰাৰ্থী থিয় কৰাই৷ বিধানসভাত বহুজন সমাজবাদী পাৰ্টিৰ সদস্য সংখ্য ১৯গৰাকী৷ মায়াবতীৰ দলে কংগ্ৰেছ আৰু সমাজবাদীৰ ভোটৰ আশাত প্ৰাৰ্থী থিয় কৰাই৷
বিজেপিক আসনত জয়ী হ’বৰ বাবে ৯টা ভোটৰ প্ৰয়োজন৷ দলৰ হুইপ অমান্য কৰি মায়াবতীৰ দল বহুজন সমাজবাদী পাৰ্টিৰ অনিল সিং নামৰ বিধায়কগৰাকীয়ে বিজেপিক ভোট দিয়া বুলি অভিযোগ উত্থাপন হয়৷ সমাজবাদী পাৰ্টিয়েও ক্ৰছ ভোটিং হোৱাৰ অভিযোগ উত্থাপন কৰে৷
বিৰোধী দল সমাজবাদী পাৰ্টি আৰু বহুজন সমাজবাদী পাৰ্টিৰ আন বিধায়কেও দলৰ হুইপ অমান্য কৰি বিজেপিক ভোট দান কৰাৰ অভিযোগ উত্থাপন হৈছে৷ যাৰ বাবে তীব্ৰ উৎকন্ঠাৰ অন্তত ভোট গণনা বন্ধ কৰা হয়৷