ওদালগুৰিঃ সাংবাদিকৰ ৰোষত পৰিছে বিটিচিৰ এজন কাৰ্যবাহী সদস্য। মনলৈ যি আহে তাকেই ফেচবুকত প্ৰকাশ কৰি একাধিক লোকে ৰঙাঘৰৰ আলহী হোৱাৰ পিছতো কোনধৰণৰ শিক্ষা নলৈ নিজৰ দায়িত্বৰ কথা পাহৰি এইজন কাৰ্যবাহী সদস্যয়ো পুনৰাবৃত্তি কৰিছে একে ভুলৰ।
জানিব পৰা মতে, আজি ওদালগুৰি জিলাৰ কেবাগৰাকীও সাংবাদিকক চৰকাৰীভাৱে স্বীকৃত সাংবাদিকৰ পৰিচয়-পত্ৰ প্ৰদান কৰা হয়। এই কৃতিত্বৰ কথা এজন সাংবাদিকে নিজৰ ফেচবুক একাউণ্টৰ জৰিয়তে বন্ধুবৰ্গক জনাইছিল।
তেনে সময়তে জগদীশ সৰকাৰ নামৰ বিটিচিৰ কাৰ্যবাহী সদস্যজনে সাংবাদিকজনৰ উক্ত ফেচবুক পোষ্টটোত "বেপাৰ ভাল হ'ব বুলি" উপলুঙাসূচক মন্তব্য প্ৰদান কৰে। লগে লগে উক্ত মন্তব্যক লৈ ওদালগুৰিৰ সাংবাদিকসকলৰ মাজত সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ।
মন্তব্যটোক লৈ সাংবাদিকসকল ক্ষুব্ধ হৈ পৰাৰ কথা জানিব পাৰি কিছু সময় পিছতে সেয়া ডিলিট কৰি দিয়ে ছ'চিয়েল মিডিয়াত কথা ক'ব নজনা কাৰ্যবাহী সদস্যজনে। কিন্তু কেবাজনো সচেতন লোকে উক্ত মন্তব্যৰ স্ক্ৰীণ শ্বট আপলোড কৰাত বিষয়টোক লৈ পুনৰ চৰ্চা আৰম্ভ হয়।
বহুতে উক্ত স্ক্ৰীণ শ্বট পোষ্ট কৰাৰ পিছতে এতিয়া সকলোৰে পৰা ককৰ্থনাৰ সন্মুখীন হৈছে কাৰ্যবাহী সদস্যজন।অধিকাংশ লোকে বিটিচিৰ এজন কাৰ্যবাহী সদস্য হৈ চৰকাৰৰ দ্বাৰা স্বীকৃতি প্ৰদান কৰা তথা অশোক স্তম্ভযুক্ত পৰিচয়-পত্ৰখনক লৈ এনে মন্তব্য দিয়া কাৰ্যক দুৰ্ভাগ্যজনক আখ্যা দিছে।
আনহাতে জিলাখনৰ প্ৰতিজন সাংবাদিকেই সৰকাৰে এনে মন্তব্যৰে গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ স্বৰূপ সংবাদ মাধ্যমক অপমান কৰা বুলিও অভিযোগ উত্থাপন কৰিছে। গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভক এনেদৰে অপমান কৰা জগদীশ সৰকাৰৰ বিৰুদ্ধে বিটিচি প্ৰশাসনে ব্যৱস্থা ল'বলৈ সাহস কৰিবনে বুলিও জিলাখনৰ সাংবাদিকসকলে প্ৰশ্ন উত্থাপন কৰিছে।