গুৱাহাটীঃ বহু প্ৰত্যাশিত উত্তৰ পূৰ্বাঞ্চলৰ তিনিখন ৰাজ্যৰ বিধান সভা নিৰ্বাচনৰ ভোটগণনা শনিবাৰৰ পুৱাৰে পৰা আৰম্ভ হৈছে। পুৱা ৮ বজাৰ পৰা নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ নিৰ্বাচনৰ ভোটগণনা আৰম্ভ হৈছে।
ত্ৰিপুৰাত মুঠ ২৯২গৰাকী, মেঘালয়ত ৩৭২গৰাকী আৰু নাগালেণ্ড ১৯৬গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় হ’ল শনিবাৰে। বিজেপিয়ে ভাল ফলাফল কৰিবলৈ সক্ষম হৈছে ত্ৰিপুৰা আৰু নাগালেণ্ডত৷ তাৰ লগে লগে বিজেপিৰ নেতা-কৰ্মীয়ে প্ৰতিক্ৰিয়া দিবলৈ আৰম্ভ কৰিছে৷
২০১৪ চনৰ লোক সভা নিৰ্বাচনত বিজেপিয়ে কংগ্ৰেছ মুক্ত ভাৰতৰ শ্ল’গান দি ৰাইজৰ মাজত সোমাই পৰা পৰিলক্ষিত হৈছিল৷ এইবাৰ বিজেপিয়ে শ্ল’গান সলনি কৰিলে৷ এইবাৰ বিজেপিয়ে বামপন্থা মুক্ত ভাৰতৰ শ্ল’গান দিয়া আৰম্ভ কৰিব৷ এই কথা শনিবাৰে স্পষ্ট কৰিলে কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ জ্যেষ্ঠা নেতা ৰবিশংকৰ প্ৰসাদে৷ ৰবিশংকৰ কয় ‘‘প্ৰথমে আমি কংগ্ৰেছ মুক্ত ভাৰতৰ কথা কৈছিলো৷ এইবাৰ আমি বাম মুক্ত ভাৰতৰ কথাও কব পাৰো৷’’