internet
ইণ্টাৰনেটৰ পৰা সংগৃহীত প্ৰতিকী ফটো

newsnextone.com | ডিজিটেল ডেস্কঃ ২০১৪ চনত বিজেপিয়ে কেন্দ্ৰত চৰকাৰ গঠনৰ পিছৰে পৰা দেশখনৰ উপ-নিৰ্বাচনত বিজেপিয়ে প্ৰায়বোৰ আসনতে পৰাজয়ৰ সন্মুখীন হোৱা পৰিলক্ষিত হৈ আহিছে৷ 

বৃহস্পতিবাৰে দেশৰ কেইবাখনো ৰাজ্যত অনুষ্ঠিত হোৱা ৪ খন লোকসভা আৰু ১০ খন বিধানসভা আসনৰ উপ-নিৰ্বাচনত বিজেপি দল ১১ খন আসনতে শোচনীয়ভাৱে পৰাজিত হয়৷ আনহাতে, যোৱা মাহত সম্পন্ন হোৱা লোকসভা উপ-নিৰ্বাচনত বিজেপিয়ে সৰ্বমুঠ ৪ খন আসনৰ ২খন আসনতে পৰাস্ত হয়৷ আনহাতে বিজেপি বিজয় সাব্যস্ত হোৱা আসন দুখনৰ ভিতৰত এখনত বিজেপি প্ৰাৰ্থী জয়যুক্ত হোৱাৰ বিপৰীতে আনখনত সহযোগী দলৰ সহায় লবলৈ বাধ্য হয়৷ 

উল্লেখ্য যে, নৰেন্দ্ৰ মোডীৰ নেতৃত্বত বিজেপিয়ে ২০১৪ চনত ২৮২ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পিছতে বিজেপিয়ে কেইবাখনো ৰাজ্যতো চৰকাৰ গঠন কৰিবলৈ সক্ষম হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে বিভিন্ন সভাই-সমিতিয়ে বিজেপিৰ সাফল্যৰ কৃতিত্ব নিজে লোৱাও পৰিলক্ষিত হৈছিল৷

কিন্তু সময় সদায় সকলোৰে বাবে একে হৈ নাথাকে৷ হয়তো সেয়াও প্ৰমাণিত হ’ব পাৰে বিজেপিৰ সৈতেও৷ বিগত ৪ বছৰত দেশখনত সম্পন্ন হোৱা প্ৰায় সকলো কেইটা লোকসভাৰ উপ-নিৰ্বাচনতে বিজেপি দল শোচনীয় ভাৱে পৰাস্ত হৈ আহিছে৷ 

কেন্দ্ৰত মোডীয়ে চৰকাৰ গঠন কৰাৰ পিছত সমগ্ৰ দেশৰ ২৭খন আসনত উপ-নিৰ্বাচন সম্পন্ন হয়৷ ইয়াৰ ভিতৰত ১৪ খন আসন বিজেপিৰ হাতত আছিল যদিও উপ-নিৰ্বাচনত ১৪ খন আসনৰ ৯ খনেই বিজেপিয়ে হেৰুৱাবলগীয়া হয়৷ ৫ খন আসনতহে বিজেপিয়ে জয়লাভ কৰে৷ যাৰ ফলত লোকসভাত বিজেপিৰ আসনৰ সংখ্যা ২৮২ খনৰ পৰা হ্ৰাস পাই ২৭৩ খন হৈ পৰিছে৷

বৃহস্পতিবাৰে ঘোষণা হোৱা দেশখনৰ ১৪ খন আসনৰ উপ-নিৰ্বাচনত বিৰোধী দলে ১১ খন আসন দখল কৰিবলৈ সক্ষম হয়৷ বিৰোধী একত্ৰিত হোৱাৰ কাৰণে বিজেপিয়ে উত্তৰ প্ৰদেশৰ বহু চৰ্চিত আৰু হুকুম সিঙৰ দৰে সাংসদৰ দখলত থকা কৈৰানা লোকসভা আসনখনো হেৰুৱাবলগা হয়৷ হুকুম সিঙৰ মৃত্যুৰ পিছত সমষ্টিটোত উপ-নিৰ্বাচন অনুষ্ঠিত হৈছিল আৰু হুকুম সিঙৰ কন্যা মৃগাংকা সিঙে নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে থিয় দি পৰাজয় বৰণ কৰিবলগীয়া হয়৷

দুমাহ পূৰ্বে উত্তৰ প্ৰদেশৰে উল্লেখযোগ্য লোকসভা সমষ্টি গোৰখপুৰ আৰু ফুলপুৰ লোকসভা সমষ্টিত সম্পন্ন হোৱা উপ-নিৰ্বাচনত বিজেপি দলে লজ্জাজনক পৰাজয় বৰণ কৰাৰ পিছত কৈৰানা লোকসভা আৰু নুৰপুৰ বিধানসভা সমষ্টিতো বিজেপি শোচনীয় ভাৱে পৰাস্ত হয়৷ বিজেপিৰ এই পৰাজয়ে আগন্তক সাধাৰণ নিৰ্বাচনত যদি বিৰোধী দল একত্ৰিত হয়, তেন্তে বিজেপিয়ে জয়লাভ কৰাটো অতি কঠিন হৈ পৰিব বুলি দেশৰ ৰাজনৈতিক খবৰ ৰখা মহলে মন্তব্য কৰিছে৷