ডিজিটেল ডেস্কঃ সোমবাৰে আবেলি হ’বলগীয়া পিপলচ্ ডেমক্ৰেটিক পাৰ্টি আৰু বিজেপিৰ মিত্ৰজোঁটৰ জম্মু-কাশ্মীৰ চৰকাৰখনৰ মন্ত্ৰীসভাৰ ৰদবদলত কাথুৱা কাণ্ডৰ প্ৰভাৱ পৰা বুলি অনুমান কৰা হৈছে। কাথুৱা কাণ্ডক লৈ মেহবুবা মুফটিৰ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে তিঁতা-কেহা শুনি থাকিবলগীয়া হোৱাত আজিৰ ৰদবদলত নতুন মুখ পৰিচয় কৰোৱা হ’ব বুলি বিভিন্ন সংবাদমাধ্যমৰ পৰ্যালোচনাত প্ৰকাশ পাইছে।
তাৎপৰ্যপূৰ্ণভাৱে মন্ত্ৰীসভা ৰদবদলৰ পুৰ্বেই আজি আগবেলাৰ ভাগত উপমুখ্যমন্ত্ৰী নিৰ্মল সিঙে পদত্যাগ পত্ৰ দাখিল কৰে। ৰাজ্যিক বিধানসভাৰ অধ্যক্ষ কবিন্দৰ গুপ্তাক তেওঁৰ স্থানত মোতায়েন কৰা হ’ব বুলি জানিব পৰা গৈছে।
বিজেপিৰ ৰাজ্যিক গোটৰ অধ্যক্ষ সত শৰ্মা, ৰাজীব জাচৰোটিয়া, দেবেন্দৰ কুমাৰ মানয়ালকে ধৰি ভালেকেইখন বিজেপি মুখ মন্ত্ৰীসভালৈ আহিব বুলি জানিব পৰা গৈছে। ইফালে পিডিপিৰো পুলৱামাৰ বিধায়ক খলীল বেণ্ড, সোণৱাৰৰ বিধায়ক আছৰফ মীৰ মন্ত্ৰী লাভৰ তালিকাত আছে।
উল্লেখ্য যে গেৰুৱা দলটোৰ দুজনকৈ মন্ত্ৰী লাল সিং আৰু চন্দেৰ প্ৰকাশ গংগাই কাথুৱাৰ আঠ বছৰীয়া নাবালিকাৰ ধৰ্ষণ আৰু হত্যাৰ অপৰাধীৰ সপক্ষে উলিওৱা ৰেলীত অংশগ্ৰহণ কৰি তীব্ৰ গৰিহণাৰ সমুখীন হৈছিল আৰু তাৰ পিছতেই পদত্যাগ কৰিছিল।