ফটো সৌজন্যঃইণ্টাৰনেট
ফটো সৌজন্যঃইণ্টাৰনেট

ডিজিটেল ডেস্কঃ দালাই লামাৰ অৰুণাচল ভ্ৰমণত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতৰ সৈতে কথাৰ কটা-কটিৰ পিছত এইবাৰ কাৰ্যতঃ আক্ৰোশমূলক পদক্ষেপ হাতত লৈছে চীনে৷

চীনক কেৰেপকে নকৰা ভাৰতৰ মনোভাৱৰ পোতক তুলিবলৈ শেহতীয়াকৈ ৰঙা চীনৰ মানচিত্ৰত অৰুণাচল প্ৰদেশক অন্তৰ্ভূক্তকৰণেৰে এক নতুন প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে ভাৰতৰ বাবে৷ প্ৰাপ্ত বাতৰি মতে, অৰুণাচল প্ৰদেশৰ ৬ খনকৈ ঠাইক চীনৰ মানচিত্ৰত সন্নিবিষ্ট কৰিছে বেইজিঙে।

১৪ এপ্ৰিলত দেশখনৰ অসামৰিক বিভাগৰ মন্ত্ৰালয়ে উক্ত ৬খনকৈ ঠাই দেশখনৰ মানচিত্ৰত সন্নিৱিষ্ট কৰে৷ মূলত চীনা ভাষা, ৰোমান আৰু তিব্বতীয় এই তিনিটা ভাষাত চীনে মানচিত্ৰত এই ঠাইসমুহৰ নাম উল্লেখ কৰিছে৷

মানচিত্ৰত থকা অৰুণাচলৰ স্থানসমুহ হৈছে বোগ্যেনলিঙগ, মিলা ৰি, কোইডেঙগাৰবো ৰি, মেনকুকা, উমো লা আৰু নদকাপৱ৷ অৰুণাচল প্ৰদেশক দীৰ্ঘদিন ধৰি চীনে দক্ষিণ তিব্বত বুলি গণ্য কৰি আহিছে৷

নমামি ব্ৰহ্মপুত্ৰ মহোৎসৱৰ সময়ত তিব্বতৰ নিৰ্বাসিত আধ্যাত্মিক গুৰু দালাই লামাৰ উত্তৰ-পূৰ্বাঞ্চল ভ্ৰমণক লৈ চীনে দিল্লীক বাৰম্বাৰ সকীয়াই দিছিল। প্ৰত্যুত্তৰত ভাৰতৰ কথাত হস্তক্ষেপ কৰাৰ প্ৰয়োজন নাই বুলি স্পষ্ট কৰি দিছিল গৃহ ৰাজ্য মন্ত্ৰী কিৰেণ ৰিজিজুয়ে।

ইফালে, চীনৰ ৰাষ্ট্ৰদূতৰ এটা দলেও বিহুৰ সময়ত অসমত ভৰি থৈছিল। চীনা ৰাষ্ট্ৰদূতৰ অসম ভ্ৰমণৰ এই কাৰ্যৰ তীব্ৰ বিৰোধিতা জনাইছিল এ পি ডব্লিউকে ধৰি ৰাজ্যখনৰ কেবাটাও সংগঠনে। এ পি ডব্লিউৱে চীনৰ উক্ত অসম ভ্ৰমণৰ সৈতে ৰাজনৈতিক ষড়যন্ত্ৰও জড়িত হৈ আছে বুলি দাবী কৰি এখন সংবাদমেলৰো আয়োজন কৰিছিল।

উল্লেখ্য যে ভাৰত আৰু চীনৰ সীমা বিবাদৰ সমাধান কৰিবলৈ এতিয়ালৈ ১৯ বাৰ আলোচনাত মিলিত হৈছে দুয়োখন দেশ৷ ইয়াৰ পূৰ্বেও টাৱাঙকে ধৰি অৰুণাচলৰ কেতবোৰ ঠাই চীনে নিজৰ মানচিত্ৰত সন্নিবিষ্ট কৰিছিল৷