newsnextone.com | চাবাৱাঃ ৰাজ্যজুৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিটো দল-সংগঠনে প্ৰতিবাদ অব্যাহত ৰখাৰ সময়তে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলা ডিব্ৰুগড়ত অগপ-বিজেপিৰ মাজত বাকযুদ্ধ অব্যাহত আছে৷ মিত্ৰজোঁটৰ সংগী দুয়োটা দলে ৰাজ্যৰ শাসনভাৰ একেলগে চলাই আছে যদিও নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ দল দুয়োটা দলৰ মাজত কেন্দ্ৰীয় নেতৃত্বৰ পৰা আৰম্ভ কৰি আঞ্চলিক পৰ্যায়লৈ আক্ৰমণ প্ৰত্যাক্ৰমণ অব্যাহত আছে৷ অগপই প্ৰতিদিনে নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু হিন্দু শৰণাৰ্থী সংস্থাপনৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰখাৰ লগতে বিজেপিৰ নেতা, ভাতৃ-ভগ্নী সংগঠনে বিধেয়ক আৰু হিন্দু শৰণাৰ্থী সংস্থাপনৰ সপক্ষে মত প্ৰকাশ কৰি আহিছে৷

তাৰ মাজতে ডিব্ৰুগড় জিলাৰ চাবুৱা বিধান সভা সমষ্টিৰ বিজেপি বিধায়ক বিনোদ হাজৰিকাই অগপ দলক তেওঁৰ সমষ্টিত প্ৰতিবাদ কৰিব নালাগে বুলি সকীয়াই দিয়ে৷ ইমানে নহয় ছচিয়েল মিডিয়াত দিয়া এটা আপডেটত চাবুৱা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাই অগপক আক্ৰমণৰ লক্ষ্য কৰি লৈ অগপৰ মেৰুদণ্ড বিজেপিহে বুলি কৈছিল৷ ৰাজ্যৰ আন সমষ্টিত প্ৰতিবাদ কৰিলেও বিনোদ হাজৰিকাৰ সমষ্টিত অগপই প্ৰতিবাদ কৰিব নালাগে বুলি কৈ একপ্ৰকাৰ অগপৰ প্ৰতিবাদ নিষিদ্ধ কৰিছিল বিধায়কগৰাকীয়ে৷ তাৰ পিছতে অগপ আৰু বিজেপিৰ বাকযুদ্ধ আৰম্ভ হৈছিল ছচিয়েল মিডিয়াত৷ বিধায়কগৰাকীক সমালোচনাৰে থকা-সৰকা কৰিছিল অগপৰ সমৰ্থকে৷ 

অগপৰ ভাতৃ সংগঠন যুৱ পৰিষদৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি লক্ষ্য জ্যোতিয়ে বিধায়কগৰাকীক প্ৰশ্ন কৰি কৈছিল আপুনি কোন অগপক প্ৰতিবাদ কৰিবলৈ বাধা দিবৰ বাবে৷ লক্ষ্য জোত্যিয়ে এটি ফেচবুক পোষ্টত কয় ‘‘আপুনি কোন অসম গণ পৰিষদক চাবুৱা সমষ্টিত নিষিদ্ধ কৰিবলৈ৷ নে ক্ষমতাৰ লোভে মূৰত ধৰিছে৷ এটা কথা মনত ৰাখিব যোৱা ৩০ মে’ ২০১৮, বুধবাৰে যি সকল জনতা ওলাই আহিছে, সেইসকল জনতা স্বত্বঃস্ফূৰ্ত ভাবে ওলাই আহিছে৷ কাৰ মেৰুদণ্ড কিমান সবল সেয়া সমষ্টিৰ ৰাইজে নিৰ্ধাৰণ কৰিব, আপুনি কৰিব নালাগে৷ আপুনি আমাক প্ৰতিবাদ কৰিব শিকাব নালাগে৷ আমাৰ ৰাইজে অসম আন্দোলনৰ দিনৰ পৰাই ন্যায্য প্ৰাপ্তিৰ দাবীত প্ৰতিবাদ কৰি আহিছে আৰু কৰি থাকিব৷ মাত্ৰ আপুনি আপোনাৰ গাদী বচোৱাৰ বাবে চিন্তা কৰক আৰু এটা কথা মনত ৰাখিব অসম গণ পৰিষদক, চাবুৱাত নিষিদ্ধ বুলি ঘোষণা কৰিবলৈ আপুনি কোন? আপোনাৰ ওচৰত কেতিয়াবা আমি সহায়ৰ ভিক্ষা মাগিছো জানো? মনত ৰাখিব, অসম গণ পৰিষদ ৰাইজৰ দল, আপোনাৰ টকাৰে আমি অসম গণ পৰিষদ দল পৰিচালনা কৰা নাই, সেয়েহে মই ভাবো আপোনাৰ এই ক্ষেত্ৰত মাত মতাৰ অধিকাৰো নাই৷ এই ক্ষেত্ৰত কেৱল ৰাইজৰ হে অধিকাৰ আছে৷ আপোনাক আমি চাবুৱাৰ সু-সন্তান হিচাপে গৌৰৱ কৰিছিলো, সন্মান যাচিছিলো, কিন্তু সেই সন্মান আপুনি নিজেই লাঘৱ কৰিছে৷ কথাষাৰ মনত ৰাখিলে ভাল ‘ৰাইজে নখ জোকাৰিলে নৈ বয়’৷’’

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে ৩০ মে’ত অসম গণ পৰিষদ দলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টি চাবুৱাত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰিছিল৷ অগপৰ আহ্বানত কেইবাহাজাৰ লোকে ৰাজপথলৈ ওলাই আহে৷ 

হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই অহা লোকসকলে অগপ জিন্দাবাদ, বিজেপি মুৰ্দাবাদ ধ্বনি দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ বাবে শ্ল’গান দিয়ে৷ ডিব্ৰুগড় জিলাৰ বিজেপিৰ ভেটি কপাই চাবুৱাত অসম গণ পৰিষদৰ আহ্বানত ওলাই অহা হাজাৰ হাজাৰ লোকে কোনো কাৰণত বিধেয়ক গৃহীত কৰিব নিদিয়াৰ হুংকাৰ দিয়ে৷ কেইবাগৰাকী অগপৰ জিলা পৰ্যায়ৰ আৰু কেন্দ্ৰীয় নেতাই প্ৰতিবাদত অংশ লৈ বিজেপিক তীব্ৰ সমালোচনা কৰে৷ বিজেপিয়ে অসমৰ ৰাইজক বিশ্বাসঘাতকতা কৰা বুলি কয়৷ বিজেপিৰ দখলত থকা সমষ্টিটোত এনেদৰে অগপৰ নেতৃত্বত মানুহ ওলাই অহা কাৰ্যই চৰ্চাও লাভ কৰে আৰু বিজেপি বিধায়ক বিনোদ হাজৰিকাই অগপক আক্ৰমণ কৰি ছচিয়েল মিডিয়াত এটি আপডেট লিখে৷

আপডেটত বিনোদ হাজৰিকাই কয় ‘‘মই অসমৰ সকলো অৰাজনৈতিক সংগঠনক কৃতজ্ঞতা আৰু সন্মান যাচিছো৷ বিশেষকৈ কিছুমান সংগঠনক ব্যক্তিগত ভাবে সমৰ্থন দিছো৷ কিন্তু অগপক সমৰ্থ নিদিও৷ কিয়নো অগপৰ মেৰুদণ্ড বিজেপি হোৱাৰ পিছতো মানুহক বিপথে পৰিচালিত কৰিছে৷ অগপই মানুহৰ পৰা সহানুভূতি আদায় কৰিবৰ বাবে চেষ্টা কৰিছে৷ অগপই যদি এনে ধাৰা অইন সমষ্টিত অব্যাহত ৰাখে ৰাখক কিন্তু মোৰ সমষ্টি চাবুৱাত নহয়৷’’