ডিজিটেল ডেস্কঃ ৰাজ্য সভাত ক্লিন বোল্ড হ'ল শচীন ৰমেশ তেণ্ডুলকাৰ। ২২ গ’জৰ খেল পথাৰৰ পৰিৱেশ আৰু ৰাজনীতিৰ পৰিৱেশ দুয়োটা যে একেবাৰে সুকীয়া তাৰ উদাহৰণ নিজ চকুৰে প্ৰত্যক্ষ কৰিলে ক্ৰিকেটৰ ভগৱান তথা ৰাজ্যসভাৰ সাংসদ শচীনে৷
ৰাজ্যসভাৰ সাংসদ হিচাবে ৫ বছৰ ৮ মাহ অতিক্ৰম কৰাৰ পিছত বৃহস্পতিবাৰে প্ৰথমবাৰ বক্তব্য আগবঢ়োৱাৰ উদ্দেশ্যে উঠাৰ লগে লগে ‘টাইমিংত’লাগিল কেনা! কিয়নো সেই সময়ত ৰাজ্য সভাত প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙক অপমান কৰাৰ বাবে নৰেন্দ্ৰ মোডীক ক্ষমা বিচৰাৰ দাবী জনায় কংগ্ৰেছে সৃষ্টি কৰিছিল এক হুলস্থুলীয়া পৰিৱেশ৷
তাৰ মাজতে থিয় নিজৰ ভাষণ ৰাখিবলৈ থিয় হয় শচীনে। বিক্ষোভৰ বাবেই মাষ্টাৰ ব্লাষ্টাৰে নিজৰ ভাষণ বন্ধ কৰি দৰ্শক হিচাপে থিয় দি থাকিবলগীয়া হয়৷ খেলৰ অধিকাৰ বা ‘ৰাইট টু প্লে’ সম্পৰ্কীয় বক্তব্য ৰাখিব নোৱাৰিলে শচীনে৷ ইপিনে শচীনে আজি নিজৰ বক্তব্য ৰাখিব নোৱাৰাৰ বাবে ৰাজ্যসভাৰ বহু সাংসদে তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে৷
শচীনে তাৰ পিছতে আৱেগিক হৈ পৰে। কেইটামান ঘন্টা পিছতে বৃহস্পতিবাৰে ফেচবুক একাউন্ট যোগে শচীনে ৰাজ্য সভাত ক্ৰীড়া সন্দৰ্ভত ৰাখিব লগা বক্তব্য দেশবাসীৰ ওচৰত ফেচবুক যোগে প্ৰকাশ কৰে।
ফেচবুক লাইভত শচীনে উত্তৰ পূৰ্বাঞ্চলৰ খেলুৱৈই সন্দৰ্ভতো মন্তব্য আগবঢ়ায়।দেশবাসী তথা যুৱ প্ৰজন্মক ক্ৰিকেটৰ ভগৱানে বহু পৰামৰ্শ দিয়ে। ৰাজ্য সভাত শাসক বিৰোধিৰ চিঞৰ বাখৰত বক্তব্য ৰাখিব নোৱাৰি ফেচবুকৰ জৰিয়তে সম্পৰ্ক কৰিলে ক্ৰিকেটৰ ভগৱানে৷