newsnextone.com | গুৱাহাটীঃ ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমৰ সন্তান স্প্ৰীণ্টাৰ হিমা দাসক শনিবাৰে বিশেষ ভাৱে সম্বৰ্ধনা যাচে৷ গুৱাহাটী মহানগৰীৰ সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ২০০ মিটাৰ আৰু ৪০০ মিটাৰৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে স্বৰ্ণ পদক লাভ কৰি ৰাজ্য খনলৈ গৌৰৱ কঢ়িয়াই অনাৰ পিছতে মুখ্যমন্ত্ৰীয়ে আমন্ত্ৰণ জনাই হিমা দাসক৷

মুখ্যমন্ত্ৰীৰ আবাসত শনিবাৰে হিমা দাস আৰু স্প্ৰীণ্টাৰ দুতি চান্দক সম্বৰ্ধনা যাচে মুখ্যমন্ত্ৰীয়ে৷ মুখ্যমন্ত্ৰীয়ে হিমা দাসক আগুৱাই যোৱাৰ লগতে প্ৰচেষ্টা অব্যাহত ৰখাৰ কামনা কৰে৷ অসম চৰকাৰে সকলো প্ৰকাৰৰ সহায় কৰিব বুলি আশ্বাস প্ৰদান কৰে৷ 

২৮ জুনত সৰুসজাইস্থিত ইন্দিৰা গান্ধী ষ্টেডিয়ামতে অনুষ্ঠিত ৫৮ সংখ্যক ৰাষ্ট্ৰীয় ছিনিয়ৰ এথলেটিকছত ২০০ মিটাৰ আৰু ৪০০ মিটাৰ দৌৰত অসমৰ দৌৰৰ ৰাণী হিমা দাসে লাভ কৰিছিল স্বৰ্ণ পদক৷ এইবাৰ পুনৰ ৪০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰাত ৰাজ্যবাসী আনন্দিত হৈ পৰে৷ 

দুদিন পূৰ্বে ২০০ মিটাৰত স্বৰ্ণ পদক লাভ কৰাৰ পিছতে পথ মুকলি হ’ল এছিয়ান গেমছৰ বাবে৷ এই সফলতাই হিমাৰ এছিয়ান গেমছলৈ যাবৰ বাবে যোগ্যতা কঢ়িয়াই আনে৷ নগাঁও জিলাৰ অতি পিছ পৰা ধিঙৰ কান্ধুলীমাৰী গাঁৱৰ ৰঞ্জিত দাস আৰু জোনালী দাসৰ কন্যা হিমা দাস৷ 

এটি দৰিদ্ৰ পৰিয়ালৰ সন্তান হিমা। সৰ্বদিশতে পিছ পৰা কান্ধুলীমাৰী গাঁৱত খেলৰ পৰিৱেশ নথকাৰ পাছতো হিমাই নিজ সংগ্ৰামৰ জৰিয়তে উজলি উঠি দেশ আৰু অসমীয়া জাতিক গৌৰাৱান্বিত কৰিছে৷ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ গ্ৰাম্য এলেকাৰ এগৰাকী জীয়ৰীয়ে এটাৰ পিছত এটা সফলতা কঢ়িয়াই আনি সকলো সীমা অতিক্ৰম কৰিছে৷ ধিঙৰ কান্ধুলীমাৰীৰ দৰে পিছ পৰা ঠাইৰ জীয়ৰী হিমাৰ এই সফলতাৰ বাবে অসবাসীয়ে শুভেচ্ছা যাচে৷