শ্বিলংঃ মেঘালয়ত কংগ্ৰেছ-১৭ খন এনপিপি-৮ আৰু বিজেপি-৫ খন আসনত আগবাঢ়ি আছে লগতে কংগ্ৰেছে ৫ খন, ইউডিপি-৪ আৰু এনপিপি-৫ আসনত জয়ী হয়৷ আনহাতে, মেঘালয়ৰ মুখ্যমন্ত্ৰী মুকুল চাংমাই বৃহৎ ভোটৰ ব্যৱধানত বিজয়ী হয়৷
#MeghalayaElection2018: Congress candidate & CM #MukulSangma wins both Ampati, Songsak seats.#PollsWithAIR pic.twitter.com/YzsadQbafC
— All India Radio News (@airnewsalerts) March 3, 2018
আমপটি সমষ্টিত ৯০৯৬ ভোটত ব্যৱধানত বিজেপি প্ৰাৰ্থী বকুল হাজঙক হৰুৱাই মুকুল চাংমাই৷ পাহাৰীয়ে ৰাজ্য খনত ৬০টা বিধান সভা সমষ্টি যদিও ৫৯টা বিধান সভা সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হয়৷ ৩৭২ গৰাকী প্ৰৰ্থীৰ শনিবাৰে ভাগ্য নিৰ্ণয় হ’ব৷
Meghalaya Chief Minister Mukul Sangma wins both from Ampati and Songsak constituencies. (File Pic) #MeghalayaElection2018 pic.twitter.com/eva4bm3Tbn
— ANI (@ANI) March 3, 2018
কংগ্ৰেছে পূৰ্বে অনুমান কৰা মতেই ফলাফল লাভ কৰিবলৈ সক্ষম বুলি চৰ্চা আৰম্ভ হৈছে৷ কংগ্ৰেছে প্ৰায় ৩২-৩৫ খন আসন লাভ কৰিব বুলি অনুমান কৰা হৈছে৷ যোৱা দুটা কাৰ্যকাল মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈ অহা মুকুল চাংমাক প্ৰত্যাহ্বান জনাব নোৱাৰিলে বিজেপি আৰু এনপিপি-এ৷ আনহাতে মেঘালয়ৰ বাহিৰে আন দুখন ৰাজ্য ত্ৰিপুৰা আৰু নাগালেণ্ডত কংগ্ৰেছে এতিয়াও এখনো আসন লাভ কৰিব নোৱাৰাৰ লগতে আগবাঢ়িও থকা নাই৷