newsnextone.com | ডিজিটেল ডেস্কঃ বৃহস্পতিবাৰে কৰ্ণাটকৰ ২৩তম মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত বিজেপিৰ মুখ্যমন্ত্ৰী য়েদেৰুপ্পাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক অনুকৰণ কৰি বিধানসভাৰ চিৰি চুম্বন কৰা পৰিলক্ষিত হয়৷
উল্লেখ্য যে, ২০১৪ চনত নৰেন্দ্ৰ মোডীয়ে প্ৰধানমন্ত্ৰী হিচাপে শপত লোৱাৰ পূৰ্বেই জয়লাভ কৰাৰ পিছত যেতিয়া সংসদ ভৱনলৈ আহিছিল, তেতিয়া তেওঁ সংসদ ভৱনৰ চিৰিত মূৰ দোঁৱাই প্ৰণাম কৰা দেখিবলৈ পোৱা গৈছিল৷ বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণৰ পিছত বি এছ য়েদুয়াৰাপ্পাই যেতিয়া বিধানসভাৰ চিৰিত মুৰ দোঁৱাই চুম্বন কৰে, পুনৰ এবাৰ সকলোৱে নৰেন্দ্ৰ মোডীলৈ মনত পেলায়৷
উল্লেখ্য যে, কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনত এইবাৰ কোনো দলেই সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ সক্ষম নহ’ল৷ ৰাজ্যখনৰ ২২৪ খন আসনৰ ২২২ খনত হোৱা নিৰ্বাচনত বিজেপিয়ে ১০৪ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে ৭৮ খন আৰু জনতা দল চেকুলাৰে ৩৮ খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল৷ আনহাতে সংখ্যা গৰিষ্ঠতা লাভ কৰিবলৈ ১১২ খন আসনৰ প্ৰয়োজন আছিল৷
উচ্চতম ন্যায়ালয়ে বুধবাৰে নিশা য়েদেৰুপ্পাৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰক্ৰিয়া স্থগিত ৰখাৰ বাবে কৰা আবেদন খাৰিজ কৰে৷ বুধবাৰে ৰাজ্যপাল বজুভাই বালাই য়েদেৰুপ্পাক চৰকাৰ গঠনৰ বাবে আমন্ত্ৰণ জনোৱাৰ পিছতে কংগ্ৰেছ আৰু জেডিএছৰ নেতৃবৃন্দই ইয়াৰ বিৰোধিতা কৰি নিশাই উচ্চতম ন্যায়ালয়ৰ দাৰস্থ হৈছিল৷ কংগ্ৰেছৰ মুখ্য প্ৰবক্তা ৰণদীপ সুৰজেৱালাই ৰাজ্যপাল বজুভাই বালাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে৷ তেওঁ কয়, ‘বজুভাই বালাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহৰ নিৰ্দেশত সংবিধানৰ ‘হত্যা’ কৰিছে৷’
The BJP’s irrational insistence that it will form a Govt. in Karnataka, even though it clearly doesn’t have the numbers, is to make a mockery of our Constitution.
— Rahul Gandhi (@RahulGandhi) May 17, 2018
This morning, while the BJP celebrates its hollow victory, India will mourn the defeat of democracy.
আনহাতে য়েদুয়াৰাপ্পাই মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাত ক্ষোভ প্ৰকাশ কৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে৷ ৰাহুলে এটা টুইট যোগে ক্ষোভ ব্যক্ত কৰি লিখে, ‘‘কৰ্ণাটকত প্ৰয়োজনীয় আসন লাভ নকৰাৰ পিছতো চৰকাৰ গঠনৰ বাবে বিজেপিক আমন্ত্ৰণ জনাই সংবিধানৰ অপমান কৰা হৈছে৷’’ তেওঁ পুনৰ কয়, ‘‘এফালে বিজেপিয়ে ভুৱা জয়ৰ আনন্দ উৎসৱ পালন কৰিছে, আনফালে দেশৰ জনতাই গণতন্ত্ৰৰ পৰাজয়ৰ শোক প্ৰকাশ কৰিব৷’’
ইফালে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা অশোক গেহলটে অভিযোগ উত্থাপন কৰি কয় যে নৰেন্দ্ৰ মোডীৰ চৰকাৰে সংবিধানৰ সকলো নীতি আদৰ্শক দুৰ্বল কৰি তুলিলে৷ বিজেপিয়ে ক্ষমতা দখলৰ চক্ৰান্তত গণতন্ত্ৰৰ হত্যা কৰি আছে৷ আনফালে য়েদুয়াৰাপ্পাক কৰ্ণাটকৰ মুখ্যমন্ত্ৰী শপত লবলৈ দিয়াত গুলাম নবী আজাদ, অশোক গেহলোট আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী সিদ্ধাৰামায়া সহ কংগ্ৰেছ আৰু জেডিএছ দলৰ নেতাই বিধানসভাৰ বাহিৰত প্ৰতিবাদ সাব্যস্ত কৰে৷