ডিজিটেল ডেস্কঃ ‘এই পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয়৷ মইতো যাবলৈ ওলাইছো, মোৰ চকীত এতিয়া যিকোনোৱে বহিব পাৰে৷’- মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ এই মন্তব্যৰ পিছতে ৰাজ্যখনত নেতৃত্বৰ পৰিৱৰ্তনৰ সম্ভাৱনা ব্যক্ত কৰা হৈছে৷ 

মুখ্যমন্ত্ৰীগাকীয়ে তেওঁৰ দিল্লী ভ্ৰমণৰ পৰা উভটি অহাৰ কিছুদিন পিছতে এই মন্তব্য কৰিছিল৷ আনহাতে মুখমন্ত্ৰীগৰাকীৰ মন্তব্যৰ কিছুদিন পাছতে বিজেপি অধ্যক্ষ অমিত শ্বাহৰ ভূপাল ভ্ৰমণে শিৱৰাজ সিং চৌহানৰ এই মন্তব্যই নেতৃত্ব  পৰিৱৰ্তনৰ ইংগিত দিয়া বুলি ধাৰণা কৰা হৈছিল৷

বিগত ১৩ বছৰৰ বাবে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী পদত অধিষ্ঠিত হৈ থকা শিৱৰাজ সিং চৌহানৰ নেতৃত্বত বিজেপিয়ে মধ্যপ্ৰদেশৰ দুটা লোকসভা আৰু দুটা বিধানসভা নিৰ্বাচনত পূৰ্ণ জয় লাভ কৰিবলৈ সক্ষম হৈছিল৷ 

২০১৪ চনত লোকসভা নিৰ্বাচনৰ বাবে নৰেন্দ্ৰ মোডীক প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ সময়ত বিজেপিৰ জ্যেষ্ঠ নেতা লালকৃষ্ণ আদৱানীয়ে শিৱৰাজ সিং চৌহানৰ নামো প্ৰধানমন্ত্ৰী পদৰ বাবে দাবীদাৰ বুলি উল্লেখ কৰিছিল৷  

প্রধামন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিজেপিৰ অধ্যক্ষ অমিত শ্বাহে শিবৰাজ সিং চৌহানৰ সকলো ৰাজনৈতিক নিৰ্ণয়ত সহমত প্ৰদান কৰিছিল৷ মুখ্যমন্ত্ৰী চৌহানে বৃহস্পতিবাৰে ৰাজ্যৰ আনন্দ বিভাগৰ এখন চৰকাৰী অনুষ্ঠানত অংশ লৈ ‘মোৰ চকীত এতিয়া যিকোনোৱে বহিব পাৰে’ বুলি কৈ উপস্থিত সকলোকে হতচকিত কৰি তোলে৷ 

অনুষ্ঠানত আধ্যাত্মিক গুৰু স্বামী সুখবোধানন্দও উপস্থিত আছিল৷ চৌহানে ভাষণৰ নাটকীয় সামৰণি মাৰি মঞ্চত মুখ্যমন্ত্ৰীগৰাকীৰ বাবে আৰক্ষিত চকীখন দেখুৱাই ‘এই পৃথিৱীত কোনো বস্তুৱেই স্থায়ী নহয়৷ মইতো যাবলৈ ওলাইছো, মোৰ চকীত এতিয়া যিকোনোৱে বহিব পাৰে৷’ বুলি কয়৷  

মুখ্যমন্ত্ৰীৰ এনে মন্তব্যৰ পিছতে অনুষ্ঠানত উপস্থিত থকা সকলোৰে মুখৰ মাত হৰে৷ সকলোৱে মধ্যপ্ৰদেশত শিৱৰাজ সিং চৌহানৰ নেতৃত্বৰ চৰকাৰৰ পৰিৱৰ্তন ঘটিব বুলিয়েই অনুমান লগায়৷ 

কিন্তু মুখ্যমন্ত্ৰীগৰাকীয়ে কৰা মন্তব্য দাৰ্শনিক হে আছিল৷ দৰ্শনৰ দৃষ্টিভংগীৰে তেওঁ কয় যে যোগাত্মক চিন্তাই হে যোগাত্মক শক্তি প্ৰদান কৰিব পাৰে৷ সকলো ধৰণৰ দৰ্শনেই আনন্দ প্ৰাপ্তিৰ পথ প্ৰদৰ্শন কৰে বুলিও তেওঁ কয়৷

ইফালে অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ চকীক লৈ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে কৰা মন্তব্য ইমানেই ভাইৰেল হৈ পৰে যে পিছত মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে মন্তব্য কৰিবলৈ বাধ্য হৈ পৰে৷ 

মুখ্যমন্ত্ৰীগৰাকীয়ে টুইট যোগে অনুষ্ঠানত কৰা মন্তব্য কেৱল দৰ্শনৰ আনন্দ প্ৰাপ্তি বুলি উল্লেখ কৰি কয়, ‘অনুষ্ঠানত মোৰ বাবে আৰক্ষিত চকীখনক লৈ মই কৰা মন্তব্য ধেমালিহে আছিল৷ কিছুসংখ্যক বন্ধু-বান্ধৱে ইয়াতে বৰ আনন্দ পালে৷ যি নহওঁক, সেয়া দেখি মই আনন্দ বাখ্যান অনুষ্ঠানত উপস্থিত থকাটো সফল হোৱা যেন লাগিছে৷’   

ইফালে শিৱৰাজ সিং চৌহানৰ মন্তব্যৰ পিছতেই সমালোচনাৰ বান নিক্ষেপ কৰিবলৈ যেন সাজু হৈ আছিল বিৰোধী কংগ্ৰেছ৷ ৰাজ্যখনৰ নৱ নিযুক্ত প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ কমলনাথে মুখ্যমন্ত্ৰীৰ মন্তব্য ভাইৰেল হৈ পৰাৰ পিছতেই মুখ্যমন্ত্ৰীগৰাকীৰ সমোলোচনাত ব্যস্ত হৈ পৰে৷ 

কমলনাথে বছৰৰ শেষত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনত কংগ্ৰেছেই এইবাৰ শাসনভাৰ লাভ কৰিব বুলি মন্তব্য কৰি আহিছে৷ তাৰ মাজতে শিৱৰাজ সিং চৌহানে বৃহস্পতিবাৰে কৰা মন্তব্যৰ গইনা লৈ প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষ কমলনাথে কয়, ‘পলমকৈ হ’লেও শিৱৰাজে বুজিব পাৰিছে যে এইবাৰ চৰকাৰ পৰিবৰ্তন হ’ব৷’