newsnextone.com | ডিজিটেল ডেস্কঃ বহু চৰ্চাৰ অন্তত কৰ্ণাটকত উপ-মুখ্যমন্ত্ৰীৰ পদবী লাভ কৰে কংগ্ৰেছে৷ জল্পনা-কল্পনাৰ অন্তত কৰ্ণাটকৰ উপ-মুখ্যমন্ত্ৰী পদৰ বাবে কংগ্ৰেছে নেতাও বাচনি কৰে৷ কৰ্ণাটকৰ কংগ্ৰেছ নেতা জি পৰমেশ্বৰমক বাচনি কৰা হয়৷ কৰ্ণাটক কেবিনেটত ৩৪ গৰাকী মন্ত্ৰী থাকিব আৰু জেডিএছৰ ২২ গৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰাৰ লগতে কংগ্ৰেছৰ ১২গৰাকীয়ে মন্ত্ৰিত্ব লাভ কৰিব৷
মঙলবাৰে অনুষ্ঠিত বৈঠকৰ অন্তত সৰ্বভাৰতীয় কংগ্ৰেছৰ সাধাৰণ সম্পাদক কেচি বেণুগোপালে কয় যে মিত্ৰ জোঁটৰ চৰকাৰৰ জি পৰমেশ্বৰম উপ-মুখ্যমন্ত্ৰী হ’ব আৰু ৰাহুল গান্ধীয়ে অনুমোদন জনায়৷ কংগ্ৰেছৰ নেতা আৰ ৰমেশ কুমাৰক বিধানসভাৰ অধ্যক্ষ বাচনি কৰাৰ লগতে উপাধ্যক্ষ পদ জেডিএছে লাভ কৰে৷ এটি সমন্বয়ক সমিতিও গঠন কৰা হয়৷
বুধবাৰে দিনৰ ৪ বজাত বাংগালুৰুত জেডিএছৰ মুৰব্বী এইচ ডি কুমাৰস্বামীয়ে মুখ্যমন্ত্ৰী হিচাপে শপত ল’ব৷