লিডুঃ আজি ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছৰ  মনোনিত প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে জাগুনৰ এখন নিৰ্বাচনী সভাত অংশগ্ৰহন কৰে৷  ডিব্ৰুগড় লোকসভা সমষ্টিত কংগ্ৰেছৰ হেৰুৱা অস্থিত্ব পুনৰ উদ্ধাৰৰ বাবে কংগ্ৰেছ দলৰ নিৰ্বাচিত প্ৰাৰ্থী পৱন সিং ঘাটোৱাৰে দলীয় কৰ্মকৰ্তা সকলৰ সহযোগত নিৰ্বাচনী প্ৰচাৰত নামি পৰা পৰিলক্ষিত হৈছে৷ 

জাগুনৰ মুল বজাৰস্থিত এলেকাত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত বিজেপিক তীব্ৰ সমালোচনা কৰে পৱন সিং ঘাটোৱাৰে ৷ কিন্তূ তাৎপৰ্য্যপূৰ্ন কথা যে জনসভাখনিত দলটিৰ নিশকতীয়া স্থিতিৰ বাবে নগন্য সংখ্যক ব্যক্তিৰ উপস্থিতিহে পৰিলক্ষিত হল ৷ বিভিন্ন প্ৰচাৰ মাধ্যমৰ সহায় লোৱাৰ পাছতো নিৰ্বাচনী সভাত নগন্য সংখ্যক ব্যক্তিৰ উপস্থিতিয়ে যথেষ্ট তাৎপৰ্য বহন কৰে ৷  ইফালে পূৰ্বৰ সাংসদ ৰামেশ্বৰ তেলীক তীব্ৰ ভাষাৰে কতাক্ষ কৰি সাংসদ তেলীক এজন ব্যৰ্থ সাংসদ বুলি আখ্যা দিয়াৰ লগতে কংগ্ৰেছৰ কাৰ্যকালতহে চাহ জনগোষ্ঠীৰ লোকসকলে অধিক আচনি লাভ কৰা বুলি উল্লেখ কৰে   ৷ সভাত মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছৰ বহু কেইজন জেষ্ঠ নেতা উপস্থিত থাকে ৷