গুৱাহাটীঃ সোমবাৰে পুৱাই বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ নেতৃত্বত কংগ্ৰেছৰ বিধায়কে হাতে বাতে প্লেকাৰ্ড লৈ অসম বিধান সভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰি বিধান সভাৰ ভিতৰত প্ৰৱেশ কৰাৰ পিছতেই সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰাত সদন ত্যাগ কৰে কংগ্ৰেছে৷

 ৰাজ্য অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰিব খোজাৰ বিৰুদ্ধে আৰু কেইবাটাও ধৰ্ষণ-হত্যাকাণ্ডৰ বিৰুদ্ধে ৰাজ্য উত্তাল হৈ থকাৰ সময়তে কংগ্ৰেছৰ বিধায়কে বিধান সভা চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে৷ অসম মহিলা বিশ্ববিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত বাতিল কৰাৰ লগতে বিজেপি চৰকাৰ আইন-শৃংখলা ৰক্ষা কৰাত বিফল হোৱাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে।

প্ৰতিবাদ কৰি বিধানসভাৰ মজিয়াত প্ৰৱেশ কৰাৰ পিছতেই উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ অসম বিধান সভাৰ উপাধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাত ক্ষুদ্ধ হৈ সদনৰ পৰা ওলাই আহে বিৰোধী দল কংগ্ৰেছে। কংগ্ৰেছ দলে সদন স্থগিত প্ৰস্তাৱ দিছিল উপাধ্যক্ষ-অধ্যক্ষক৷ 

এই প্ৰস্তাৱ অগ্ৰাহ্য কৰাত বিধান সভাৰ মজিয়াৰ পৰা ওলাই আহে বিৰোধী কংগ্ৰেছে। জানিব পৰা মতে, ধৰ্ষণ কাণ্ড, মহিলা বিশ্ববিদ্যালয় সন্দৰ্ভত বিশেষ আলোচনাৰ বাবে সময় বিচাৰিছিল কংগ্ৰেছেৰ বিধায়কে। সোমবাৰে সদন স্থগিত কৰি এই বিষয় সমূহত বিৰোধী কংগ্ৰেছে আলোচনা কৰাৰ প্ৰস্তাৱ দিছিল যদিও অধ্যক্ষই স্বীকাৰ নকৰিলে। সেই সময়ত সদন পৰিচালনা কৰি আছিল উপাধ্যক্ষই৷