newsnextone.com | ডিজিটেল ডেস্কঃ কৰ্ণাটকৰ বিধানসভা নিৰ্বাচনৰ ভোট গণনাত কংগ্ৰেছে বিজেপিতকৈ বহুখিনি পিছ পৰি ৰৈছে৷ এইবাৰ কৰ্ণাটকৰ ভোটাৰে ৰাজ্যখনত পৰিবৰ্তনৰ আশাৰে বিজেপিক ভোটদান কৰাত কংগ্ৰেছ আশাহত হৈছে৷ যাৰ ফলত নতুন দিল্লীৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত বিৰাজ কৰিছে নিমাওমাও পৰিৱেশে৷
জানিব পৰা মতে, দিল্লীস্থ আকবৰ ৰোডৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত মঙলবাৰে কোনো জ্যেষ্ঠ নেতাৰ উপস্থিতি পৰিলক্ষিত হোৱা নাই৷ কেইজন সংবাদদাতা আৰু দলৰ সাধাৰণ কৰ্মচাৰীৰ বাহিৰে মুখ্য কাৰ্যালয়ৰ চৌহদত কোনো জ্যেষ্ঠ নেতাৰ উপস্থিতি নেদেখি কংগ্ৰেছে কৰ্ণাটক নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰি লোৱা যেন অনুমান হৈছে৷
কংগ্ৰেছৰ কৰ্মকৰ্তাসকলৰ চকুৱে মুখ কেৱল খং আৰু নিৰাশাই ঢৌ খেলাহে পৰিলক্ষিত হৈছে৷ কংগ্ৰেছ প্ৰবক্তা জয়বীৰ চেৰগিলে সাংবাদিকৰ আগত ফলাফল নিৰাশাজনক বুলি দুখ প্ৰকাশ কৰে৷ তেওঁ কয় যে কংগ্ৰেছে মোডীৰ কংগ্ৰেছ মুক্ত ভাৰত ভেদ কৰিব নোৱাৰিলে৷ প্ৰত্যেক জয়-পৰাজয়ে দলৰ নেতা কৰ্মীৰ ওপৰত প্ৰভাৱ পেলায়৷ কিন্তু আমি এই পৰাজয়ৰ পৰা শিক্ষা গ্ৰহণ কৰি আগন্তক মধ্যপ্ৰদেশ, ৰাজস্থান আৰু চত্তীশগড়ৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি চলাম৷ ৰাহুল গান্ধীয়ে চত্তীশগড়ৰ পৰা নিৰ্বাচনী প্ৰচাৰ অভিযানৰ আৰম্ভণিও কৰিছে৷
কিন্তু প্ৰশ্ন হৈছে, কংগ্ৰেছৰ পৰাজয়ৰ পিছত কংগ্ৰেছ গান্ধী দলৰ সংবাদ মেলত উপস্থিত থাকিব নে নাই৷ প্ৰকাশিত বাতৰি মতে, ৰাহুল গান্ধীয়ে সংবাদ মেলত অংশ নলয়৷ তেওঁ বৰ্তমান নতুন দিল্লীৰ তেওঁৰ আৱাসত আছে৷ কংগ্ৰেছৰ প্ৰধান নেতাসকলে দলীয় জয়-পৰাজয়ৰ বিষয়ে বৰ্তমান বিচাৰ-আলোচন কৰা নাই৷ কংগ্ৰেছে আবেলিৰ ভাগত সংবাদ মেল আয়োজন কৰিব বুলি জানিব পৰা গৈছে৷