শ্বিলংঃ মঙলবাৰে মেঘালয়ৰ মুখ্যমন্ত্ৰী ৰূপে শপত ললে যুৱ নেতা এনপিপিৰ নেতা কনৰাড চাংমাই। ৰাজ্যপাল গংগা প্ৰসাদে শপত বাক্য পাঠ কৰোৱাই মুখ্যমন্ত্ৰী ৰূপে। ভব্য শপত গ্ৰহণ অনুষ্ঠানত বিজেপিৰ সভাপতি অমিত শ্বাহ আৰু গৃহমন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকে।
#WATCH Oath taking ceremony of Meghalaya CM elect Conrad Sangma and others in Shillong https://t.co/uraKkvfdhQ
— ANI (@ANI) March 6, 2018
NPP's Conrad Sangma takes oath as Meghalaya CM in Shillong. pic.twitter.com/bDZB4KnLM7
— ANI (@ANI) March 6, 2018
মাথো দুখন আসন লাভ কৰা বিজেপি দলে কিংমেকাৰৰ ভুমিকা গ্ৰহণ কৰি কংগ্ৰেছ বিৰোধী চৰকাৰ গঠন কৰে। গৃহমন্ত্ৰী ৰাজনাথ সিঙে কনৰাড চাংমাক শুভেচ্ছা জনাই তেওঁ কয়, প্ৰথমে ধাৰণা আছিল উত্তৰ পূৰ্বাঞ্চলত কেৱল কংগ্ৰেছে জয়ী হ’ব পাৰে৷ কিন্তু সেই ধাৰণা সলনি হ’ল৷
#WATCH Live Via ANI FB: Oath taking ceremony of Meghalaya CM elect Conrad Sangma & others in Shillong https://t.co/3mo97GWqBv pic.twitter.com/n8LHgBSiFk
— ANI (@ANI) March 6, 2018
সোমবাৰে মেঘালয়ৰ ৰাজ্যপাল গংগা প্ৰসাদে কনৰাড চাংমাক চৰকাৰ গঠন কৰাৰ বাবে আমন্ত্ৰণ জনাইছিল৷ ১০.৩০ বজাত শপত গ্ৰহণ লয় কনৰাডে৷ কনৰাডৰ লগতে মন্ত্ৰীয়েও শপত লয়৷ কনৰাডে তেওৰ সৈতে সংখ্যাৰ শক্তি থকাৰ বাবে তেওঁক চৰকাৰ বনাবলৈ আমন্ত্ৰণ জনোৱা বুলি কয়৷ ৰাজ্যপালৰ কাৰ্যালয়ে জনোৱা মতে, কনৰাডৰ সৈতে ৩৪ গৰাকী বিধায়ক আছে৷
NPP's Conrad Sangma sworn-in as Meghalaya chief minister pic.twitter.com/xBmGgaqeni
— ANI (@ANI) March 6, 2018
যুৱ নেতা কনৰাড কোন?
#এননপিপিৰ দলৰ সভাপতি কনৰাড চাংমা। সেইগৰাকী কনৰাড চাংমাই হ’ল মেঘালয়ৰ মুখ্যমন্ত্ৰী৷ পিতৃ আছিল ভাৰতীয় ৰাজনীতিৰ হোতা৷ লোক সভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰায়ত পি এ চাংমাৰ পুত্ৰ কনৰাড চাংমা৷ ভগ্নী অগথা চাংমা ইউপিএৰ কাৰ্যালয়ত কেন্দ্ৰীয় মন্ত্ৰী হৈছিল৷ দেশৰ কনিষ্ঠ মহিলা কেন্দ্ৰীয় মন্ত্ৰী হয় অগথাই৷ শনিবাৰে ঘোষণা কৰা মেঘালয় বিধান সভা নিৰ্বাচনত নতুন দলটোৱে সফলতা লাভ কৰে৷ নৱ গঠিত এনপিপিয়ে ১৯ খন আসন লাভ কৰে৷
I congratulate Conrad Sangma. There was a perception that only Congress party can survive in the north-east but now that BJP has gained victory here that perception will change: Union Minister Rajnath Singh in Shillong pic.twitter.com/jlecHyAquu
— ANI (@ANI) March 6, 2018
বৰ্তমান ৩৪ বিধায়কৰ সমৰ্থন লাভ কৰি কনৰাড চাংমাই মুখ্যমন্ত্ৰী হ’ব৷ এনপিপি ১৯, বিজেপি ২, এইচএছডিপি ৪ আৰু ১ দন নিৰ্দলীয়ৰ সমৰ্থন লাভ কৰি কনৰাড চাংমা মুখ্যমন্ত্ৰী হিচাপে শপত লব৷ লোকসভাৰ প্ৰাক্তন অধ্যক্ষ পিএ চাংমাৰ পুত্ৰ কনৰাড চাংমা। এইগৰাকীয়ে যুৱনেতাই মেঘালয়ত মুখ্যমন্ত্ৰী পদৰ বাবে নৰ্থ ইষ্ট ডেমক্ৰেটিক এলায়েন্সৰ শীৰ্ষত। কনৰাডৰ ভগ্নী তথা টুৰা সমষ্টিৰ পৰা লোকসভাত প্ৰতিনিধিত্ব কৰা প্ৰাক্তন সাংসদ আগাথা চাংমাইৰ নামো চৰ্চালৈ আহিছিল মেঘালয়ৰ মুখ্যমন্ত্ৰী পদৰ বাবে।
Council of Ministers being sworn-in at oath ceremony in Meghalaya's Shillong pic.twitter.com/SUWZEQ34cZ
— ANI (@ANI) March 6, 2018
মেঘালয়ৰ টুৰাৰ বৰ্তমানৰ সাংসদ কনৰাডে ২০০৮ বৰ্ষত আৰম্ভ কৰিছিল ৰাজনৈতিক পৰিক্ৰমা। তেতিয়া কনৰাড বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল। একেটা বছৰৰে শেষৰফালে তেওঁক ৰাজ্যখনৰ বিত্ত, শক্তি আৰু পৰ্যটন বিভাগৰ কেবিনেট মন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিয়। ২০০৯ চনত বিৰোধী দলৰ নেতা হিচাপে তেওঁ নিৰ্বাচিত হয়। ২০১৩ চনলৈ এই দায়িত্ব পালন কৰে। ২০১৬ চনত পিতৃ পিএ চাংমাইৰ মৃত্যুৰ পিছতেই পৰিয়ালৰ দুৰ্গস্বৰূপ টুৰা সমষ্টিৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হয়।
সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে মেঘালয়ৰ ৰজাজনৰ নাম৷ হিমন্তৰ টুইট কৰি কনৰাড চাংমাই মেঘালয়ৰ মুখ্যমন্ত্ৰী হ’ব বুলি কয়৷ এনপিপি, ইউডিপি, বিজেপি আৰু এনএইচপিডিপিৰ বিধায়কে ৰাজ্যপালক সাক্ষাৎ কৰাৰ পিছতেই হিমন্তই এই ঘোষণা কৰা টুইট কৰি৷ পাহাৰীয়া ৰাজ্য মেঘালয়ত বিজেপিয়ে মাথোঁ দুখন আসন লাভ কৰিছে যদিও চৰকাৰ গঠনৰ মূল ভূমিকা অসমৰ মন্ত্ৰী তথা উত্তৰ পূৱৰ প্ৰভাৱশালী বিজেপি নেতা হিমন্ত বিশ্ব শৰ্মাই লোৱা বুলি ইতিমধ্যে ব্যাপক চৰ্চা আৰম্ভ হৈছিল৷