গুৱাহাটীঃ কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে ৰাজ্যৰ বানাক্ৰান্তক সহায় কৰাৰ উদ্দেশ্যে তথা পুজি সংগ্ৰহৰ বাবে Mission 100 নামেৰে এটি পদক্ষেপ হাতত লৈছে৷ 

ৰাজ্য চৰকাৰে বানাক্ৰান্তক সাহায্য দিয়াত ব্যৰ্থ হোৱা বুলি ৰাজ্যৰ বিভিন্ন দল-সংগঠনে অভিযোগ উত্থাপন কৰাৰ সময়তে কটনিয়ানে পুঁজি সংগ্ৰহৰ বাবে এই পদক্ষেপ হাতত লৈছে৷ 

বানপীড়িত লোকসকলক সহায় কৰাৰ উদ্দেশ্য তথা বন্যাৰ্তৰ দুখৰ সমভাগী হোৱাৰ বাবে আগবাঢ়ি আহিছে কটনিয়ানসকল। গুৱাহাটীৰ বিভিন্ন শিক্ষানুষ্ঠানৰ সহযোগত আৰম্ভ হৈছে Mission 100৷ 

বানপীড়িত লোকসকলৰ ওচৰত এখন্তেক থিয় হওঁ বুলি শ্ল’গানেৰে ৰাইজৰ ওচৰত সহায়ৰ হাত পাতিছে কটনিয়ানে।  ৰাইজে নখ জোকাৰিলে নৈ বয় বুলি এই অভিযানৰ অধীনত প্ৰচাৰ চলায় কটনিয়ানে। 

শনিবাৰে কটন বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ সময়ছোৱাত আৰু ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ'বলগীয়া ‘নৱকান্ত বৰুৱা সোৱঁৰণ ২০১৭’ অনুষ্ঠানতো পুঁজি সংগ্ৰহৰ ব্যৱস্থা কৰিব ছাত্ৰ-ছাত্ৰীসকলে। দীঘলিপুখুৰীৰ পাৰতো সমদল উলিযাই পুঁজি সংগ্ৰহৰ চেষ্টা চলাব ছাত্ৰ-ছাত্ৰীসকলে।