ডিজিটেল ডেস্কঃ কলকাতা উচ্চ ন্যায়লয়ে পশ্চিমবংগৰ পঞ্চায়ত নিৰ্বাচনৰ মনোয়ন পত্ৰ দাখিলৰ দিন পুনৰ ঘোষনা কৰাৰ পিছতেই আকৌ এবাৰ ৰক্তাক্ত হৈ পৰিল কলকাতা৷ সোমবাৰে মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে ৰাজ্যখনত অশান্তিৰ ধুমুহা ববলৈ ধৰে৷ ইফালে শাসক আৰু বিৰোধী দলৰ মাজৰ সংঘাত মাৰধৰলৈ পৰিণত হোৱা পৰিলক্ষিত হয়৷ বিৰোধী দলে শাসক দলৰ বিৰুদ্ধে সংঘাত সৃষ্টিৰ অভিযোগ উত্থাপন কৰাৰ বিপৰীতে শাসক দলেও বিৰোধী দলৰ বিৰুদ্ধে মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰাত পৰিস্থিতি ভয়াবহ ৰূপ ধাৰণ কৰিছে৷  

আনহাতে খবৰ সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকসকলকো প্ৰহাৰ কৰাৰ বাতৰি আহিছে৷ তদুপৰি একাধিক সাংবাদিকক অপহৰণ কৰি নিয়াৰো অভিযোগ উত্থাপন হৈছে শাসক আৰু বিৰোধী দলৰ বিৰুদ্ধে৷ 

কলকাতাকে ধৰি পশ্চিমবংগৰ প্ৰায়কেইখন জিলাতেই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছে আগন্তক পঞ্চায়ত নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলক লৈ৷ আনহাতে জিলাসমূহত শাসক পক্ষৰ প্ৰৰোচনাত প্ৰশাসনে বিৰোধী পক্ষক আটক কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিৰোধী দলসমূহে৷ 

ইফালে বীৰভূমৰ সিউড়িত তৃণমূল আৰু বিজেপিৰ মাজৰ সংঘৰ্ষত এজন লোক গুলিবিদ্ধ হৈ নিহত হয়৷ দুস্কৃতিকাৰীসকলে মাৰণাস্ত্ৰ লৈ ৰাজ্যখনত সংঘৰ্ষ সৃষ্টি কৰি ফুৰিছে বুলি অভিযোগ উত্থাপন হৈছে৷ ৰাজ্যখনৰ উত্তৰ ২৪ পাৰগনাত দুস্কৃতিকাৰীয়ে গুলিচালনা কৰাৰো বাতৰি লাভ কৰা হৈছে৷ কিন্তু ইমানৰ পিছতো প্ৰশাসনে নিৰৱ ভূমিকা অৱলম্বন কৰা বুলি অভিযোগ উত্থাপন হৈছে৷ অইনফালে ময়নাগুড়িত তৃনমূল কৰ্মীৰ ওপৰত আক্ৰমণ কৰা বুলি বিজেপিৰ বিৰুদ্ধে অভিযোগ তুলিছে তৃণমূল কৰ্মীয়ে৷

ৰাজ্যখনৰ মুৰ্ছিদাবাদতো সৃষ্টি হৈছে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ৷ জিলাখনত বিৰোধীৰ ওপৰত আক্ৰমণ চলোৱাৰ অভিযোগ উঠিছে শাসকীয় দলৰ বিৰুদ্ধে৷ কংগ্ৰেছ সাংসদ হাছেম খান চৌধুৰীৰ গাড়ীলৈ লক্ষ্য কৰি ইটা দলিওৱাৰ অভিযোগ তুলিছে সাংসদগৰাকীয়ে৷ ইফালে আচানচোলেৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়’ৰ গাড়ীও দুস্কৃতিকাৰীয়ে পথতে আবদ্ধ কৰি ৰাখে৷ সাংসদগৰাকীয়ে এই সমস্ত ঘটনাৰ ভিডিঅ’ ৰেকৰ্ডিং কৰি নিজৰ টুইটাৰ একাউন্ট যোগে পোষ্ট কৰে৷    


অইনফালে পঞ্চায়ত নিৰ্বাচন হেতু সন্ত্ৰাস সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰদেশ কংগ্ৰেছে ৰাজ্যিক নিৰ্বাচন আয়োগৰ সন্মুখত প্ৰতিবাদ কাৰ্যসূচী পালন কৰে৷ 

অন্যহাতে মনোনয়ন পত্ৰ দাখিলত তৃনমূল কংগ্ৰেছে বাধা প্ৰদান কৰাৰ অভিযোগ কৰি কংগ্ৰেছ আৰু পিডিএছ-এ উচ্চ ন্যায়লয়ৰ ওচৰত অভিযোগ দাখিল কৰিছে৷ আদালতত একেই অভিযোগ উত্থাপন কৰিছে বিজেপি নেতা মুকুল ৰায়েও৷