ধিংঃ  এইবাৰ গাঁও পালে কাট অফ মাৰ্ক৷ কাট অফ মাৰ্কে এতিয়া চিন্তিত কৰি তুলিছে কম নম্বৰ পাই উত্তীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীসকলক৷ দিল্লী নতুবা গুৱাহাটীৰ কোনো আগশাৰীৰ মহাবিদ্যালয়ৰ দৰে কাট অফ মাৰ্কৰ কবলত পৰিছে জকাইচুকৰ ছাত্ৰ-ছাত্ৰী৷

নগাঁও জিলাৰ ধিঙৰ একমাত্ৰ উচ্চ শিক্ষানুষ্ঠান ধিং মহাবিদ্যালয়ত বহু ছাত্ৰ-ছাত্ৰীয়ে নাম ভৰ্তি কৰাৰ সুবিধা নাপায় শিক্ষা আধাতে সামৰিব লগা পৰিবেশৰ সৃষ্টি হৈছে। ধিং মহাবিদ্যালয়ে ধাৰ্য কৰি দিয়া কাট অফ মাৰ্কে এতিয়া বহু ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ অমানিশা কঢ়িয়াই অানিছে।

জীৱনৰ সোণালী ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰাত বুধবাৰে ধিং মহাবিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ মাজত হাহাঁকাৰ অৱস্থাৰ সৃষ্টি হৈছে। জানিব পোৱা মতে, ধিং অঞ্চলৰ বহু ছাত্ৰ-ছাত্ৰীয়ে স্নাতকৰ নাম ভৰ্তিৰ প্ৰ-পত্ৰ জমা দিছিল যদিও নাম ভৰ্তিৰ বাবে নিৰ্বাচিত নোহোৱাত কলেজ কৰ্তৃপক্ষৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰা দেখা যায়।

কিয়নো ধিঙৰ এইখন মহাবিদ্যালয়ৰ পৰাই উচ্চতৰ মাধ্যমিক উত্তীৰ্ণ হৈছিল এই দুৰ্ভগীয়া তথা দৰিদ্ৰ ছাত্ৰ-ছাত্ৰী সকল। এতিয়া নিজে পঢ়া মহাবিদ্যালয়তে স্নাতকৰ নাম ভৰ্তিৰ বাবে বঞ্চিত হোৱাত ক্ষোভিত হৈ পৰিছে বঞ্চিত ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকল।

দৰিদ্ৰ ছাত্ৰ-ছাত্ৰীসকলে ব্যক্তিগত মহাবিদ্যালয়ত নাম ভৰ্তি কৰিবলৈও সামৰ্থ্য নোহোৱাত অন্ধকাৰৰ দিশে গতি কৰিছে সোণোৱালী ভৱিষ্যত। ৰাজ্যৰ শিক্ষা বিভাগে এই সকল বঞ্চিত ছাত্ৰ-ছাত্ৰীৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যত।