ছিংগাপুৰঃ দবাখেলত এক নতুন ইতিহাস সৃষ্টি কৰিবলৈ সক্ষম হ’ল ভাৰতীয় দবা তাৰকা দোম্মাৰাজু গোকেশ। মাত্ৰ ১৮ বছৰ বয়সতে দবাখেলত বিশ্বৰ সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হৈ এক অন্যন্য অভিলেখ গঢ়িছে গোকেশ। বৃহস্পতিবাৰে ছিংগাপুৰত অনুষ্ঠিত চূড়ান্ত খেলখনত চীনৰ ডিং লিৰেনক ৭.৫-৬.৫ ব্যৱধানত পৰাস্ত কৰি এই অভূতপূৰ্ব সফলতা লাভ কৰে গোকেশে।

চূড়ান্ত খেলখন আছিল শ্বাসৰুদ্ধকৰ। ১৩ ৰাউণ্ডলৈকে দুয়োগৰাকী প্ৰতিদ্বন্দ্বী খেলুৱৈৰ পইণ্ট সমান সমান হৈ আছিল। কিন্তু শেষৰ ৰাউণ্ডত ডিং লিৰেনৰ ভুল সিদ্ধান্তই গোকেশৰ প্ৰত্যাৱৰ্তন সহজ কৰি তোলে। সময়ৰ চাপত লিৰেনে ৪৯ নং চালত ভুল কৰিছিল, যাৰ সুযোগ লয় গোকেশে। পৰিণতিত গুকেশৰ ৫০ নং চালত পৰাজয় স্বীকাৰ কৰিবলৈ বাধ্য হৈ চীনৰ লিৰেনে।

এই জয়েৰে গোকেশ কেৱল বিশ্ব চেম্পিয়ন হোৱাই নহয়, সৰ্বকনিষ্ঠ বিশ্ব চেম্পিয়ন হিচাপে ৰাছিয়াৰ ছাৰ্জেই কাৰ্জাকিনৰ অভিলেখো ভংগ কৰিবলৈ সক্ষম হয়। প্ৰণিধানযোগ্য যে, চেন্নাইত জন্মগ্ৰহণ কৰা গোকেশে ৭ বছৰ বয়সৰ পৰাই দবা খেলিবলৈ আৰম্ভ কৰিছিল আৰু ১২ বছৰ ৭ মাহ বয়সতে গ্ৰেণ্ডমাষ্টাৰ হৈছিল। 

ভাৰতৰ প্ৰথমজন গ্ৰেণ্ডমাষ্টাৰ বিশ্বনাথন আনন্দৰ পদাংক অনুসৰণ কৰি তেওঁ আজি দেশৰ শীৰ্ষ দবা খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ১১ বছৰ বয়সত এক সাক্ষাৎকাৰত গোকেশ বিশ্ব চেম্পিয়ন হোৱাৰ সপোনৰ কথা কৈছিল আৰু এতিয়া ১৮ বছৰ বয়সতে সেই সপোন তেওঁ বাস্তৱলৈ ৰূপান্তৰিত কৰি এক অনন্য নজিৰ গঢ়িবলৈ সক্ষম হৈছে। 

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে গোকেশক তেওঁৰ সফলতাৰ বাবে অভিনন্দন জনায়। ৰাষ্ট্ৰপতিগৰাকীয়ে লিখিছে, ‘গোকেশক কনিষ্ঠ হিচাপে বিশ্ব দবা চেম্পিয়নশ্বিপ জয় কৰাৰ বাবে অভিনন্দন। তেওঁৰ এই বিজয়ে ভাৰতক গৌৰৱান্বিত কৰি তুলিছে। গোকেশৰ এই সফলতাই ভাৰতক দবাৰ শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিছে। ভৱিষ্যতে তেওঁ আৰু অধিক সফলতা লাভ কৰিব বুলি আশা কৰিলোঁ।”

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও অভিনন্দন জ্ঞাপন কৰে গোকেশক। তেওঁ কয়, ‘গোকেশৰ এই বিজয়ে ভাৰতৰ গৌৰৱ বৃদ্ধি কৰাই নহয়, নতুন প্ৰজন্মৰ বাবে এক বৃহৎ প্ৰেৰণা হৈ পৰিছে। ভাৰতীয় দবাখেলে আজি বিশ্বৰ দৰবাৰত নতুন দিগন্ত মুকলি কৰিছে।”

উল্লেখ্য যে, গোকেশৰ এই সফলতাই ভাৰতীয় দবা মহলত আনন্দৰ বন্যা নমাইছে। তেওঁৰ এই সাফল্যই দেশক গৌৰৱান্বিত কৰাৰ সমান্তৰালভাৱে নতুন প্ৰজন্মকো সপোন দেখাৰ সাহস প্ৰদান কৰিছে।