ফখৰুল ইছলাম,দৰংঃ দলগাঁও সমষ্টিৰ পূব দলগাঁও জাতীয় বিদ্যালয়ত শনিবাৰে দিনৰ ১০ বজাত অসম পৰিৱেশ সংস্থাৰ পৰিৱেশ সজাগতা সভা অনুষ্ঠিত হৈ যায়।সভাৰ সভাপতিত্ব কৰে সংস্থাৰ সভাপতি খবিৰুদ্দিন আহমেদে।
সংস্থাৰ লক্ষ্য আৰু উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদনা মোবাৰক হুছেইন। ফুলনিৰ বাগিছা উদ্বোধন কৰে শিক্ষক প্ৰেমকান্ত বৰাই। সভাত সাংবাদিক আব্দুল আজিজ, সহকাৰী প্ৰধান শিক্ষক তথা পৰিৱেশ কৰ্মী আব্দুল আজিজ, ইন্দ্ৰ নাথ ঝাক চলিত বৰ্ষ "পৰিৱেশ বন্ধু" বঁটা প্ৰদান কৰা হয়।
এখন ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপ প্ৰদান কৰে অসম পৰিৱেশ সংস্থাৰ সভাপতি খবিৰুদ্দিন আহমেদে৷ বঁটা গ্ৰহণ কৰি প্ৰৱেশৰ ওপৰত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি গছ-গছনিৰ লগতে জীৱ-জন্তুৰ ওপৰত ভাষণ ৰাখে।
বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মিলি গীত পৰিৱেশন কৰে৷ দলগাঁও সাহিত্য সভ্যপতি ধীৰেণ শইকীয়া, অৱসৰ শিক্ষক আজিজুৰ ৰহমানও বক্তব্য ৰাখে। স্বৰচিত গছৰ কবিতা পাঠ কৰে মোবাৰক হুছেইন।
প্ৰকৃতিৰ ওপৰত স্বৰচিত গীত গায় ছাত্ৰ ওছমান গণিয়ে। ধৰিত্ৰী আইৰ চিঠি পাঠ কৰে কৰে শিক্ষয়িত্ৰী সবিতা বড়ো। পৰিৱেশ সংকল্প পাঠ কৰায় ধীৰেন শইকীয়াই। বিদ্যালয়ৰ প্ৰধান শিক্ষকেখোৰশ্বেদ খোৰশ্বেদ আলমে আটাইকেইজনক অভিনন্দন জানোৱাৰ পিছতে অসম সংগীতেৰে সভাৰ সামৰণি পৰে।