ফখৰুল ইছলাম, দৰং

 

দৰংঃ নাইট ছুপাৰত সুৰক্ষিত নহয় যাত্ৰী৷ যাত্ৰী যে সুৰক্ষিত নহয় তাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে দৰঙৰ খাৰুপেটীয়া বুঢ়ীগাঁৱৰ লাইন হোটেলৰ সন্মুখত এজন অচেতন যাত্ৰীক হেণ্ডিমেনে গা ধুৱাই থকা অৱস্থাত উদ্ধাৰ হয়৷ 

নিশা এজন যাত্ৰীক অচেতন কৰি লুটি নিয়াৰ অপচেষ্টাৰ ঘটনা৷ মাজে সময়ে সংঘটিত হৈ থকা ঘটনাৰ দৰে পুনৰবাৰ নাইট ছুপাৰত যাত্ৰীক নিছাযুক্ত খাদ্য খোৱাই ধন, মূল্যবান বস্তু সামগ্ৰী লুটি নিয়াৰ অপচেষ্টা যাত্ৰীৰ ভেশত অহা দুষ্টচক্ৰৰ৷ 

বাৰ ঘণ্টাৰো অধিক সময় অজ্ঞান হৈ থকাৰ পিছত যাত্ৰীজনৰ লগতে নাইট ছুপাৰৰ হেণ্ডিমেনে জানিবলৈ দিয়া মতে, অৰুণাচলৰ বমডিলাৰপৰা তেজপুৰলৈ As-12 AC-3617 নামৰ পূজা নাইট ছুপাৰেৰে আহি থকা অৱস্থাত বিজয় নামৰ এজন যাত্ৰীৰ ছিটত অন্য এজন যাত্ৰী বহিছিল৷ এওঁৰ লগত সেই অচিনাকী যাত্ৰীজনে কথা পাতি পাতি আহি থাকোতে বন্ধু হৈ পৰে৷ পিছত অচিনাকী যাত্ৰীজনে এইজন যাত্ৰীক কণী আৰু মাজা নামৰ ঠাণ্ডা পনীয়া সামগ্ৰী খোৱাই দিয়াত কিছু সময় পিছত তেওঁ অচেতন হৈ পৰে৷ 

সময় তেতিয়া নিশা দহ বাজিছিল৷ তেজপুৰত নামিবলগীয়া যাত্ৰীজন অচেতন হৈ পৰাত তেওঁক গাড়ীৰ ড্ৰাইভাৰ, হেণ্ডিমেনে বুধবাৰে খাৰুপেটীয়াৰ বালুগাঁৱত গাড়ীতেই ৰাখে৷ যুৱকজন কিছু সুস্থ হোৱাত পৰিয়ালৰ সৈতে কথা পাতে আৰু কালি সন্ধিয়া পুনৰ তেজপুৰলৈ তেওঁক লৈ যাব তাৰ পৰা পৰিয়ালৰ লোকে যুৱকজনক নিজ গৃহলৈ লৈ যোৱাৰ কথা কৈছে বুলি গাড়ীৰ হেণ্ডিমেনে জনায়৷

উল্লেখ্য যে, গাড়ীত নিছাযুক্ত দ্ৰব্য সেৱন কৰা দুষ্ট লোক জনে যুৱক জনৰপৰা দুটা এণ্ড্ৰইড ম’বাইল আৰু লগত থকা কিছু নগদ টকা লোৱাৰ চেষ্টা কৰিছিল যদিও সুবিধা পোৱা নায়৷