গুৱাহাটীঃ ‘‘অসমত বৰ্তমান জনসাধাৰণৰ মনত সাংবাদিকতা বৃত্তিটোৰ মূল্য বহু পৰিমাণে কমি গৈছে। ইয়াৰ মূলতে হৈছে কিছু সাংবাদিকৰ ভণ্ডামি আৰু ভ্ৰষ্টাচাৰ মানসিকতা।’’- এই মন্তব্য কৰে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়াই৷ আজি কটন বিশ্ববিদ্যালয়ৰ ‘ড° ভূপেন হাজৰিকা গণসংযোগ আৰু সাংবাদিকতা কেন্দ্ৰ’ৰ ‘প্ৰাক্তন ছাত্ৰৰ সন্মিলনী’ৰ আজি প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদযাপন কৰা হয়।

পুৱা ১০ বজাৰ পৰা কটন বিশ্ববিদ্যালয়ৰ চুডমাৰ্চন হলত অনুষ্ঠিত কৰা এই অনুষ্ঠানত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নিতুমণি শইকীয়া৷ জ্যেষ্ঠ সাংবাদিকগৰাকীৰ সৈতে হোৱা ছাত্ৰ-ছাত্ৰীৰ এক অন্তৰংগ আলাপত সাংবাদিকগৰাকীয়ে সংবাদ মাধ্যম আৰু সাংবাদিকতাৰ বিষয়ে ছাত্ৰ-ছাত্ৰীৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়ে৷

সাংবাদিকগৰাকীয়ে কয় যে, প্ৰতিজন সাংবাদিকে নিজকে প্ৰথমে মানুহ ৰূপে গঢ়ি তুলিব লাগিব, সাংবাদিকতাক বৃত্তি বা ব্যৱসায় হিচাপে নলৈ সেৱা ৰূপে গণ্য কৰিব পাৰিলেহে সাংবাদিকতাক মানুহে সমীহ কৰিব৷ আজি জ্যেষ্ঠ সাংবাদিকগৰাকীৰ স্বভাৱসূলভ সুমধুৰ ভাষণে ছাত্ৰ-ছাত্ৰীৰ লগতে উপস্থিত সকলোকে অভিভূত কৰে৷ নিতুমণি শইকীয়াৰ সতে হোৱা অন্তৰংগ আলাপৰ পাছতেই সন্মিলনী কমিটিখনৰ এখন মুকলি সভা অনুষ্ঠিত হয়।

সভাত কমিটিখনৰ সভাপতি ভাস্কৰজ্যোতি ভূঞা আৰু সম্পাদক জিতমণি গগৈয়ে সন্মিলনীৰ প্ৰথম বৰ্ষৰ খতিয়ান দাঙি ধৰাৰ লগতে আগন্তুক বৰ্ষৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। সভাৰ শেষত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু নৱাগতসকলৰ মাজত মুকলিকৈ মত বিনিময় হয়৷

অনুষ্ঠানৰ সামৰণিত ভিন্ন নৃত্য-গীত, অভিনয়, পৰম্পৰাগত সাজ-পোছাকৰ ফেশ্বন শ্ব' আদিৰে এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়৷ ‘ড° ভূপেন হাজৰিকা গণসংযোগ আৰু সাংবাদিকতা’ৰ প্ৰাক্তন আৰু নৱাগত ছাত্ৰ-ছাত্ৰী আৰু শিক্ষকসকলৰ উপস্থিতিত আজি গীত, নৃত্যৰ সুমধুৰ লয়লাসে কটনৰ চৌহদ মুখৰিত কৰি তোলে৷