গুৱাহাটীঃ ব্যস্ত গুৱাহাটী মহানগৰীত এটি মৃতদেহ উদ্ধাৰক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মহানগৰীৰ শিলপুখুৰি উদ্যানৰ পুখুৰীত আজি পুৱাই একাংশ লোকে এটি মৃতদেহ উপঙি থকা প্ৰত্যক্ষ কৰে৷

লংপেন্ট-ছাৰ্ট পৰিহিত পুৰুষৰ মৃতদেহ প্ৰত্যক্ষ কৰাৰ খবৰ স্থানীয় আৰক্ষীক দিয়ে৷ আৰক্ষীয়ে মৃতদেহটো অৱসৰপ্ৰাপ্ত ৰেলৱে কৰ্মচাৰী দুলাল কিশোৰ হাজৰিকা বুলি চিনাক্ত কৰে৷

দুলাল কিশোৰ হাজৰিকা নামৰ লোকজন কেনেকৈ শিলপুখুৰীলৈ আহি মৃত্যুক আকোৱালি ললে সেই সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ হত্যা কৰি কোনো লোকে দুলালক পুখুৰীত পেলাই দিয়াৰ সন্দেহ কৰিছে স্থানীয় লোকে৷