ডিজিটেল ডেস্কঃ পিতৃৰ গালি সহ্য কৰিব নোৱাৰি কুঁৱাত জাপ দি প্ৰাণ দিলে এগৰাকী যুৱতীয়ে। তাৰ পিছত নিজ কন্যাক বচাবলৈ গৈ কুঁৱাৰ ভিতৰত প্ৰাণ দিলে পিতৃও। সোমবাৰে সংঘটিত হোৱা এক হৃদয়বিদাৰক ঘটনা সংঘটিত হয় ছট্টিছগড়ৰ নয়ণপুৰত।
এই ঘটনাই নয়ণপুৰত শোকাকুল পৰিবেশৰ সৃষ্টি কৰে৷ পিতৃৰ গালি খাই কন্যাৰ অন্তৰত আঘাত পায় কুৱাঁত জাঁপ দি আত্মহত্যা কৰে৷ নিজ কন্যাই কুৱাঁত জাপ দিয়াত পিতৃয়ে ৰব নোৱাৰি কন্যাক বচাবলৈ নিজেও জাপ দিয়ে৷ কিন্তু নিয়তিৰ কি পৰিহাস, দুয়োজনৰে মৃত্যু হয় কুৱাঁৰ ভিতৰত৷
জানিব পৰা মতে, ছট্টিছগড়ৰ ৰামানুজ নগৰৰ চৰকাৰী বিষয়া নৰনাৰায়ণ সিঙে কন্যাক খাবৰ বাবে পানী দিবলৈ কয়৷ পানী অনাত পলম হোৱাত কন্যাক গালি পাৰে পিতৃয়ে।কেৱল ইমানে নহয় পিতৃয়ে তাইক পঢ়াত মন নিদিয়াৰ লগতে আৰু আন কামতো মন নিদিয়া হৈছে বুলি কয়৷
পিতৃৰ গালি খাই কন্যাৰ মনত ইমানেই আঘাত লাগে যে ঘৰৰ পিছফালে থকা কুৱাঁত গৈ জাপ দিয়ে৷ কন্যাক জপিওৱা দেখি দেউতাকে তাইক বচাবৰ বাবে কুৱাঁত জাপ দিয়ে৷ কিন্তু পানীৰ পৰিমান অধিক থকাত দেউতাকে কন্যাক ৰক্ষা কৰিব নোৱাৰাৰ লগতে আৰু নিজেও প্ৰাণ দিবহ লগা হয়।
নৰনাৰায়ণে সাঁতুৰিব জনা নাছিল, ঘটনাৰ সময়ত ঘৰত কন্যা লীলা আৰু এজন পুত্ৰ আছিল৷ পত্নী গৈছিল তীৰ্থ ভ্ৰমণলৈ৷ যেতিয়া পুত্ৰই ঘৰৰ পিছফালে কিবা এটা শব্দ শুনিবলৈ পায় তেতিয়া গৈ দেখে যে কুৱাঁত দেউতাক আৰু বায়েক মৃত্যুৰে যুজি আছে৷ ওচৰৰ মানুহ সহায়ৰ বাবে আহে যদিও তেতিয়ালৈ দুয়োৰে মৃত্যু হয় আৰু দুটা পানীত উপঙি থাকে৷
কুৱাঁটো দ’ থকাৰ বাবে পিছত আৰক্ষী আহি হে পানীৰ পৰা মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।