newsnextone.com | ডিজিটেল ডেস্কঃ দিল্লীৰ উপ-ৰাজ্যপল অনিল বৈজলৰ আৱাসত যোৱা সপ্তাহৰ সোমবাৰৰ পৰা আৰম্ভ হোৱা হাই ভল্টেজ ৰাজনৈতিক নাটকখনে এসপ্তাস সম্পূৰ্ণ কৰিলে৷ একেৰাহে ৯ দিন ধৰি ধৰ্ণা কাৰ্যসূচী পালন কৰা মুখ্যমন্ত্ৰী অৰবিন্দ কেজিৰৱালে উপ-ৰাজ্যপালগৰাকীক পুনৰ এবাৰ আক্ৰমণ কৰা পৰিলক্ষিত হৈছে৷

মঙলবাৰে পুৱা তেওঁ টুইট কৰি কয়, ‘আদৰণীয় এলজি, দিল্লীৰ জনতাৰ বাবে আপুনি বিগত ৮ দিনত ৮ মিনিট সময়ো দিব নোৱাৰিলে৷’

ইয়াৰ মাজতে আম আদমী পাৰ্টীয়ে দিল্লীত কংগ্ৰেছ আৰু বিজেপিৰ মিত্ৰতাৰ অভিযোগ উত্থাপন কৰে৷ আম আদমী পাৰ্টীয়ে মঙলবাৰে এটা টুইট কৰি কয় যে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলৰে বিচাৰধাৰা পৃথক৷ কিন্তু জনতাক প্ৰতাড়ণা কৰাৰ ক্ষেত্ৰত দুয়োটা দলেই একেই৷

উল্লেখ্য যে, সোমবাৰে কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে দিল্লীত ধৰ্ণাৰ নাটকে জনতাক ব্যতিব্যস্ত কৰিছে বুলি মন্তব্যৰ পিছতে আম আদমী পাৰ্টীয়ে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰে৷ 

ইফালে, সোমবাৰে উচ্চ ন্যায়ালয়ে দিল্লী বিজেপিয়ে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি কেজিৰৱালৰ ধৰ্ণাক অসংবিধানিক বুলি ঘোষণা কৰে৷ উচ্চ ন্যায়ালয়ৰ এই ঘোষণাৰ পিছতে কেজিৰৱালৰ ধৰ্ণাৰ অন্ত পৰিব বুলি আলোচনা চলিছিল৷

সোমবাৰেই আইএএছ এছ’চিয়েচনেও নিজৰ স্থিতিত সৰলতাৰ সংকেত দি মুখ্যমন্ত্ৰীৰ সৈতে বাৰ্তালাপৰ ইচ্ছা প্ৰকাশ কৰিছে৷ ৰবিবাৰে কেজিৰৱালে সকলো বিষয়াসকলৰ কৰ্মত নিয়োগৰ সময়ত সুৰক্ষা প্ৰদানৰ আশ্বাস দিছিল৷ 

চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিচৌদিয়াৰ স্বাস্থ্য পূৰ্বৰ তুলনাত বৰ্তমান উন্নত বুলি জানিব পৰা গৈছে৷ অনশন ধৰ্মঘট পালন কৰি দুৰ্বল হৈ পৰা চিচৌদিয়াক সোমবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷ অনাফালে কেজিৰৱালৰ সৈতে ধৰ্ণা প্ৰদৰ্শণ কৰা আন এগৰাকী মন্ত্ৰী সত্যেন্দ্ৰ জৈনকো দিল্লীৰ লোকনায়ক জয়প্ৰকাশ হস্পিতালত চিকিৎসা কৰি থকা হৈছে৷ অনিৰ্দিষ্টকালীন অনশনত বপহা জৈনক দেওবাৰে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল৷

উল্লেখ্য যে, অৰবিন্দ কেজিৰৱাল, মনীষ চিচৌদিয়া, সত্যেন্দ্ৰ জৈন আৰু গোপাল ৰায়ে চৰকাৰখনৰ ৩ টা  দাবী উত্থাপন কৰি ১১ জুন সোমবাৰৰ সন্ধিয়াৰ পৰা উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণা প্ৰদৰ্শন কৰে৷ তেওঁলোকে দাবী উত্থাপন কৰিছিল যে অঘোষিতভাৱে ধৰ্মঘট পালন কৰা আইএএছ বিষয়াসকলক নিজৰ কৰ্মলৈ উভটি যাবলৈ নিৰ্দেশ প্ৰদান কৰা৷ লগতে তেওঁলোকৰ বিৰুদ্ধে জৰুৰী ব্যৱস্থা গ্ৰহণ কৰা আৰু দৰিদ্ৰ জনতাক ঘৰে ঘৰে ৰেচন উপলব্ধ কৰোৱাৰ অনুমতি প্ৰদান কৰাৰ বাবে কেজিৰৱালে উপ-ৰাজ্যপালৰ সন্মুখত দাবী উত্থাপন কৰিছিল৷