খৈৰাবাৰীঃ অসমৰ তথা ভাৰতৰ মানচিত্ৰত সংযোজিত হ’ব আন এখন দীৰ্ঘতম ধলা-শদিয়া দলং। ২৪ মে’ত আনুষ্ঠানিকভাৱে মুকলি হ'বলগীয়া এই দলংখনৰ কাম এতিয়া পূৰ্ণোদ্যমে চলিছে।

সুদীৰ্ঘ বছৰ ধৰি শদিয়ালৈ তথা অৰুণাচললৈ আহ-যাহ কৰাত জীয়াতু ভুগি আহিছিল জনসাধাৰণে৷ দেশৰ ভিতৰতে অন্যতম ৯.৮ কি.মি. দৈৰ্ঘ্যৰ তথা বৰলুইতৰ বুকুত স্থাপিত পঞ্চমখন ধলা-শদিয়া দলংখন আনুষ্ঠানিকভাৱে মুকলি কৰিব দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে৷

বিগত সপ্তাহ ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত দলঙৰ কামত বাধাৰ সন্মুখীন হৈছে৷ আজি শ্ৰমিক দিৱসতো দলঙৰ কামত নিয়োজিত শ্ৰমিকসকলে পূৰ্ণোদ্যমত কাম কৰি থকা পৰিলক্ষিত হৈছে৷