newsnextone.com | ডিজিটেল ডেস্কঃ যোৱা ৩টা দিনত ধৰ্ণা দিয়াৰ প্ৰতিযোগিতা চলিছে দেশৰ ৰাজধানী দিল্লীত৷ দিল্লীৰ উপ-ৰাজ্যপালে কেইবাখনো বিধেয়কত স্বাক্ষৰ নকৰাৰ ফলত আইনত পৰিণত নোহোৱাত নাৰাজ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু আম আমি পাৰ্টিৰ কেইবাগৰাকী বিধায়কে ধৰ্ণাত বহিছিল উপ-ৰাজ্যপালৰ কাৰ্যালয়ত৷

দিল্লীক পূৰ্ণ ৰাজ্যৰ মৰ্যদা দিয়া, উচ্চ পদস্থ বিষয়াৰ অঘোষিত কৰ্মবিৰতি পৰিহাৰ কৰা, ৰাজহুৱা যোগান ব্যৱস্থাৰ সামগ্ৰী গৰীৱক ঘৰে ঘৰে যোগান ধৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি, বিনামূলীয়া ইণ্টাৰনেত সেৱা আৰম্ভ কৰিব খোজা আঁচনিত ৰাজ্যপালৰ অনুমতি আদি বিষয়ক লৈ দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ আৰু আন আন বিধায়কে উপ-ৰাজ্যপালৰ কাৰ্যালয়ত ধৰ্ণাত বহে৷ 

প্ৰায় দুটা দিন দিল্লীৰ মুখ্যমন্ত্ৰী আৰু উপ-মুখ্যমন্ত্ৰীৰ নেতৃত্বত ধৰ্ণাত বহাৰ পিছতো ৰাজ্যপালে সৌজন্যতাৰ খাতিৰতো সাক্ষাৎ কৰা নাই চৰকাৰ চলাই থকা দলটোক তথা শাসকসকলক৷ দিল্লীৰ মুখ্যমন্ত্ৰীয়ে কয় যে দিল্লীবাসীৰ সমস্যা সমাধান কৰিবৰ বাবে ৰাজ্যপালে বিধেয়কত স্বাক্ষৰ কৰিব লাগে নতুবা কাম কৰাৰ অনুমতি দিব লাগে৷ অনিৰ্দিষ্টকালীন ধৰ্ণা অব্যাহত থকাৰ সময়তে বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণাত বহে৷ আম আদমি পাৰ্টিৰ পদকে অনুসৰণ কৰি বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীক পুনৰ কাৰ্যালয়লৈ উভতি অহাৰ দাবীত বিজেপি বিধায়কে ধৰ্ণাত বহে৷

বুধবাৰে মিডিয়াত প্ৰকাশ পোৱা এখন ফটোত দিল্লীৰ মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত বিজেপি বিধায়কসকলে গভীৰ নিদ্ৰাৰত অৱস্থাত দেখা যায়৷ আম আদমি পাৰ্টিৰ মুখ্যমন্ত্ৰী সহ বিধায়কসকলে ৰাজ্যপালক কাৰ্যালয়ত চোফাত শুই থকা ফটো পোহৰলৈ অহাৰ সময়তে বিজেপিৰ বিধায়কে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ মজিয়াত শুই থকা ফটো পোহৰলৈ আহে৷

আম আদমি পাৰ্টিৰ দৰেই বিজেপিয়ে ধৰ্ণাত বহে৷ যাৰ ফলত ৰাজনীতিৰ গৰম বতাহ বলিব আৰম্ভ কৰিছে দিল্লীত৷ এতিয়া ধৰ্ণাৰ ৰাজনীতি আৰম্ভ হৈছে দিল্লীত৷ বিজেপিয়ে ধৰ্ণাত বহাৰ ফলত একাংশ লোকে কেজৰিৱালে গৈ থকাৰ পথেৰে বিজেপিয়ে যাব বিচৰা বুলি কটুক্তি কৰা পৰিলক্ষিত হৈছে৷