newsnextone.com | গুৱাহাটীঃ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ কেইবাখনো অতি পিছ পৰা জিলাই ভাল ফলাফল প্ৰদৰ্শন কৰে৷ বানগৰাখহনীয়া গ্ৰস্ত জিলাই ভাল ফলাফল দেখুৱাবলৈ সক্ষম হৈছে৷ 

কেইবাখনো বান, গৰাখহনীয়াত যুঁজ দিয়া অতি পিছপৰা জিলাই শীৰ্ষৰ দহটা স্থানত নাম অন্তৰ্ভুক্ত কৰিবলৈ সমৰ্থ হৈছে৷ যাৰ বাবে এইবেলিৰ পৰীক্ষাৰ ফলাফলে বিশেষ তাৎপৰ্যবহন কৰিছে৷ পূৰ্বে ভাল ফলাফল কেৱল চহৰৰ নামি দামি বিদ্যালয়েহে কৰিব পাৰে বুলি যি ধাৰণা আছিল সেই ধাৰণাক নস্যাৎ কৰি সমানে উজলি উঠিছে গ্ৰাম্য অঞ্চল৷ 

ৰাজ্যৰ বিভিন্ন জিলাত স্থানপ্ৰাপ্তক লৈ আনন্দ উছাহ অব্যাহত আছে৷ কিন্তু তেনে সময়তে শিক্ষাৰ ক্ষেত্ৰত সদায় পিছ পৰি থকা বুলি চৰ্চা হৈ আহিছে কেইবাখনো জিলা৷ বিটিএডিৰ চিৰাং, ওদালগুৰি, গোৱালপাৰা, কাৰ্বি আংলং, কৰিমগঞ্জ আদি জিলাৰ শিক্ষাৰ ব্যৱস্থাক লৈ চিন্তা প্ৰকাশ কৰি আহিছে সচেতন লোকে৷

উক্ত জিলা সমূহৰ শৈক্ষিক মানদণ্ড নিম্ন হৈ থকা বুলি প্ৰশ্ন উত্থাপন হৈছে৷ শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৫৬.০৪ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে৷ ইয়াৰে ভিতৰত বানে ধোৱা ধেমাজি জিলাই ৭৯.৭৬ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ উত্তীৰ্ণৰ তালিকৰ শীৰ্ষত আছে। আনহাতে ৩৬.৯৭ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈ সৰ্বনিম্ন উত্তীৰ্ণ হয় ওদালগুৰি জিলা।

এনে জিলা সমূহত বাৰে বাৰে পৰীক্ষাৰ ফলাফলৰ হাৰ নিম্নগামী হোৱাৰ কাৰণ সমূহ ফহীয়াই চোৱাৰ সময় আহি পৰা বুলি কয় একাংশ লোকে৷ ধেমাজিৰ দৰে জিলাৰ জনগণে জীয়াই থকাৰ নামত জীৱন যুদ্ধ কৰিব লাগে তাৰ পিছতো ছাত্ৰ-ছাত্ৰীয়ে প্ৰতিবাছৰে ভাল ৰিজাল্ট কৰিবলৈ সক্ষম হৈ আহিছে৷ বাৰিষাৰ ৬ মাহ জিলা খনে বান পানীৰ সৈতে যুঁজ দিব লগা হয়৷ 

ৰাস্তা-ঘাটৰ অৱস্থা জৰাজীৰ্ণ৷ চৰকাৰৰ ঘৰৰ পৰা উপেক্ষিত ধেমাজি জিলাই যোৱা কেইবাটাও বছৰ ধৰি মেট্ৰিক নতুবা উচ্চতৰ মাধ্যমিক নতুবা আন আন পৰীক্ষা সমূহত ভাল ফলাফল কৰি আহিছে৷ তেনে ক্ষেত্ৰত আন বহু জিলাত সমস্যা বহু কম যদিও পৰীক্ষাত ভাল ফলাফল কৰিব নোৱাৰটো শিক্ষা বিভাগৰ কোনোবা নহয় কোনোবা ঠাইত ক্ৰুতি ৰৈ গৈছে বুলি কয় একাংশ লোকে৷ 

এইবেলি মুঠ পৰীক্ষাৰ্থী আছিল ৩ লাখ ৪৪ হাজাৰ ২১৫ গৰাকী৷ ইয়াৰে পৰীক্ষাত বহে ৩ লাখ ৩৭ হাজাৰ ৫৭০গৰাকী শিক্ষাৰ্থীয়ে৷ সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩, ৭৩৫গৰাকী ছাত্ৰই৷ 

সৰ্বমুঠ ছাত্ৰ আছিল ১ লাখ ৬৭ হাজাৰ ৮৯৪ গৰাকী ইয়াৰে ১ লাখ ৯৬ হাজাৰ ৪৯২গৰাকী ছাত্ৰই পৰীক্ষাত বহে৷ ৩১,৮৬১ গৰাকী ছাত্ৰই প্ৰথম বিভাগত, ৪১,৪৪২ গৰাকীয়ে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰে ২৩,৭৩৫গৰাকী ছাত্ৰই৷ 

আনহাতে ১ লাখ ৭৬ হাজাৰ ৩২১গৰাকী ছাত্ৰীৰ ভিতৰত পৰীক্ষাত বহে ১ লাখ ৭৩ হাজাৰ ৭৮ গৰাকীয়ে৷ ইয়াৰে ২৯,১২৬ গৰাকীয়ে প্ৰথম বিভাগত, ৪০,৪১১ গৰাকীয়ে দ্বিতীয় আৰু ২২৫৯৮ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ণ হয়৷ মহিলাৰ উত্তীৰ্ণৰ হাৰ হৈছে ৫৩.২৩ শতাংশ আৰু পুৰুষৰ ৫৯ শতাংশ উত্তীৰ্ণ হয়৷ মুঠ উত্তীৰ্ণৰ হাৰ হৈছে ৫৬.০৪ শতাংশ৷

মুঠ ৬৬৪৫ গৰাকী পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহা নাছিল৷ ২৩ গৰাকীৰ ফলাফল এতিয়ালৈ ঘোষণা কৰিব পৰা নাই আৰু ৪১২ গৰাকী পৰীক্ষাৰ্থীক পৰীক্ষা কেন্দ্ৰ পৰা বহিস্কাৰ কৰা হয়৷ মুঠৰ ওপৰত শুকুৰবাৰে ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল এক উৎসৱ মুখৰ পৰিৱেশে বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত৷ গ্ৰাম্য আৰু চহৰ এলেকাৰ ছাত্ৰ-ছাত্ৰী সমানে জিলিকি উঠিছে৷ দিনৰ ১১ বজাত ঘোষিত ফলাফলত ভাগ্য নিৰ্ণয় হয় ৰাজ্যৰ ৩ লাখ ৩৭ হেজাৰ ৫৭০ গৰাকী পৰীক্ষাৰ্থীৰ। ৫৬.০৪ শতাংশ ছাত্ৰ-ছাত্ৰীয়ে উত্তীৰ্ণ হৈ ৰাজ্য খনৰ শৈক্ষিক পৰিৱেশ যে ক্ৰমান্বয়ে উন্নন্ত হৈছে তাৰেই উমান পোৱা গৈছে৷ 

ৰাজ্যৰ কেইবাখনো জিলাক জিলিকাই তুলিছে কেইবাগৰাকী মেধা ছাত্ৰ-ছাত্ৰীয়ে৷ কঠোৰ পৰিশ্ৰম আৰু বিভিন্ন সমস্যাৰ মাজতে সংগ্ৰামেৰে জিলিকি উঠিছে গাঁও আৰু চহৰৰ ছাত্ৰ-ছাত্ৰী৷ ৰাজ্যৰ প্ৰায় ৮৫০টা শিক্ষাকেন্দ্ৰত অনুষ্ঠিত হৈছিল হাইস্কুল শিক্ষান্ত পৰীক্ষা। চি চি টিভিৰ সহায়ত নিৰীক্ষণ কৰা হৈছিল পৰীক্ষাকেন্দ্ৰ সমূহ। বিগত বৰ্ষত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৩.৯১ লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু ৪৭.৯৪ শতাংশ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছিল।