কল্পনা কৰকচোন, হঠাৎ এদিন আপোনালৈ এটা ফোন আহে। ফোনৰ সিপাৰৰ পৰা আপোনাক কোৱা হয়, "আপোনাৰ বিৰুদ্ধে গুৰুতৰ গোচৰ ৰুজু কৰা হৈছে। ২৪ ঘণ্টাৰ ভিতৰত জৰিমনা নভৰিলে আপোনাক গ্ৰেপ্তাৰ হ'ব।" এনে কথা শুনি আপুনি ভয় খোৱাটো নিতান্তই স্বাভাৱিক। আপুনি কঁপা কঁপা মাতেৰে সুধিব- জৰিমনা কেনেকৈ দিম? নিজকে আৰক্ষী বা শীৰ্ষ তদন্তকাৰী বিষয়া বুলি চিনাকি দিয়া ফোনৰ সিপাৰৰ ব্যক্তিজনে তাৰ পিছতে আপোনাক এটা বেংক একাউণ্ট নম্বৰ দি তাতে আপোনাক টকা পঠিয়াবলৈ ক’ব। আৰু আপুনি যেতিয়া সেই কথামতে একাউণ্টত ধন পঠিয়াব, তাৰ পিছতহে হয়তো আপুনি জানিব পাৰিব যে আচলতে এয়া আছিল এক প্ৰৱঞ্চনাৰ জাল! অথবা আপুনি এই বিষয়ে একো নজনাকৈয়ে সন্তুষ্টি লভিব পাৰে- ভাগ্যেই আজি আপুনি গ্ৰেপ্তাৰৰ পৰা বাছি গ’ল!

কিন্তু এনে এক পৰিস্থিতিৰে সন্মুখীন হৈ আজি দেশৰ লক্ষ লক্ষ লোক সৰ্বস্ৰান্ত হ’বলগীয়া হৈছে। ভুৱা গোচৰ, মোকৰ্দ্দমাৰ ভাবুকি প্ৰদান কৰি চাইবাৰ অপৰাধীয়ে নিৰীহ জনতাৰ পৰা লুটি নি আছে কোটি কোটি টকা। অনলাইনযোগে মেলি দিয়া এই প্ৰৱঞ্চনাৰ জালকে কোৱা হয় 'ডিজিটেল গ্ৰেপ্তাৰ’। ২০২৪ চনত ‘ডিজিটেল গ্ৰেপ্তাৰ’ প্ৰৱঞ্চনাই ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। কেৱল সাধাৰণ মানুহেই নহয়, ন্যায়াধীশ, প্ৰাক্তন সেনা বিষয়া, সাংবাদিকসকলো আৱদ্ধ হৈছে এই প্ৰৱঞ্চনাৰ জালত।

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২৪ চনত ‘ডিজিটেল গ্ৰেপ্তাৰ’ জালিয়াতিৰ জৰিয়তে প্ৰায় ২১.৪ বিলিয়ন টকা আত্মসাৎ কৰিছে চাইবাৰ অপৰাধীয়ে। মাত্ৰ ১০ মাহত এই জালিয়াতিৰ ৯২,৩৩৪টা গোচৰ পোহৰলৈ আহিছে। প্ৰতিদিনে বৃদ্ধি পাইছে নতুনকৈ ভুক্তভোগীৰ সংখ্যা। বেংগালুৰু, দিল্লী, মুম্বাই আৰু কলকাতা, চাইবাৰবাদৰ দৰে দেশৰ টেকন’ চিটিসমূহ এই চক্ৰৰ মূল লক্ষ্য হিচাপে পৰিগণিত হৈছে। লক্ষণীয় যে, এই চাইবাৰ অপৰাধীসকলৰ মূল লক্ষ্য হৈছে মানুহক ভীতিগ্ৰস্ত কৰি আৰু মানসিকভাৱে হাৰাশাস্তি কৰি ধন লুট কৰা। 

ইফালে, এই চক্ৰ ভাৰতৰ সীমাৰ বাহিৰলৈ গৈ ক্ৰমান্বয়ে আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কলৈ পৰিণত হৈছে। কম্বোডিয়া, ম্যানমাৰ, ভিয়েটনাম, থাইলেণ্ড আদি দেশৰ পৰা সংঘটিত হোৱা এই প্ৰৱঞ্চনা দেশখনৰ চাইবাৰ সুৰক্ষাৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে। যদিও ভাৰত চৰকাৰে এই প্ৰৱঞ্চনা ৰোধৰ বাবে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে, তথাপিও অপৰাধীৰ ক্ৰমান্বয়ে আধুনিক প্ৰযুক্তি আৰু কৌশলৰ সন্মুখত সেইবোৰ যেন এতিয়াও ফলপ্ৰসূ প্ৰমাণিত হোৱা নাই।

প্ৰৱণতা আৰু পৰিসংখ্যা: চাইবাৰ অপৰাধৰ অগ্ৰগতি

২০২৪ চনত চাইবাৰ অপৰাধৰ গতিয়ে অভিলেখ সৃষ্টি কৰিছে। কেৱল ‘ডিজিটেল গ্ৰেপ্তাৰ’ প্ৰৱঞ্চনাৰ জৰিয়তে এই বছৰ প্ৰায় ২১.৪ বিলিয়ন টকা চুৰি হৈছে। প্ৰতিমাহে গড়ে ২১৪ কোটি টকা লুণ্ঠন কৰি আহিছে চাইবাৰ অপৰাধীয়ে। এই প্ৰৱঞ্চনা কেৱল ব্যক্তিগত সঞ্চয় লুণ্ঠনতে সীমাবদ্ধ নহয়, বৃহৎ সংস্থাকো লক্ষ্য কৰি লৈছে।

এই বছৰ বেংগালুৰুত ৪৮০টা ‘ডিজিটেল গ্ৰেপ্তাৰ’ৰ ঘটনা সংঘটিত হৈছে, য’ত ৪২.৪ কোটি টকাৰ আৰ্থিক লোকচান হৈছে। মহাৰাষ্ট্ৰত প্ৰায় ১৫ কোটি টকা আৰু উত্তৰ প্ৰদেশত ২৫ কোটি টকাৰ আৰ্থিক লোকচান হৈছে। মাত্ৰ ৩৮টা ঘটনা সংঘটিত হোৱা দিল্লীত ৫৫ কোটি টকাৰ লোকচান বুলি অনুমান কৰা হৈছে।

চৰকাৰী পৰিসংখ্যা অনুসৰি ২০২৪ চনৰ ১৫ নৱেম্বৰলৈকে প্ৰায় ৬.৬৯ লাখ ভুৱা চিম কাৰ্ড আৰু ১,৩২,০০০ ভুৱা আই এম ই আই নম্বৰ ব্লক কৰা হৈছে। কিন্তু চাইবাৰ অপৰাধৰ নেটৱৰ্ক ইমানেই সুসংগঠিত যে এই ব্যৱস্থাইও অপৰাধ সম্পূৰ্ণৰূপে ৰোধ কৰিব পৰা নাই।

এই ধৰণৰ প্ৰতাৰণাত আটাইতকৈ ডাঙৰ অস্ত্ৰ হ’ল মানুহৰ ভয়। অপৰাধীয়ে ভুক্তভোগীক আতংকিত কৰি ধন দাবী কৰে। এই প্ৰতাৰণা কৌশলে বিশেষকৈ মধ্যবিত্ত আৰু নিম্ন শ্ৰেণীৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।

কৌশলঃ কেনেকৈ 'ডিজিটেল গ্ৰেপ্তাৰ'ৰ জালত পৰে সাধাৰণ জনতা?

‘ডিজিটেল গ্ৰেপ্তাৰ’ প্ৰৱঞ্চনাৰ মূল কৌশল হ’ল ভুক্তভোগীৰ ওপৰত মানসিক চাপ সৃষ্টি কৰা। অপৰাধীসকলে নিজকে আৰক্ষী, ইডি বা চিবিআইৰ বিষয়া বুলি পৰিচয় দি কয়, "আপোনাৰ বিৰুদ্ধে ভুৱা গোচৰ আছে। আপুনি যদি জৰিমনা আদায় নিদিয়ে তেন্তে আপোনাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰা হ'ব।"

এনে ফোনযোগে অপৰাধীয়ে প্ৰথমে ভুক্তভোগীৰ পৰা ব্যক্তিগত তথ্য সংগ্ৰহ কৰে। তাৰ পিছত তেওঁলোকক কোৱা হয়, "আমাৰ ব্যৱস্থাটো আপডেট কৰিবলৈ আমাক আপোনাৰ বেংকৰ তথ্যৰ প্ৰয়োজন।" তথ্য লাভ কৰাৰ পিছত সেই একাউণ্টৰ পৰা ধন উলিয়ায়।

বিভিন্ন ঘটনাই দেখুৱাইছে যে অপৰাধীয়ে ভুক্তভোগীৰ মনত এক জৰুৰী ভাৱৰ সৃষ্টি কৰে। তেওঁলোকক কোৱা হয়, "মাত্ৰ ৩০ মিনিটৰ ভিতৰতে জৰিমনা ভৰক, অন্যথা আপোনাৰ সম্পত্তি জব্দ কৰা হ'ব।" এনে আতংকৰ সৃষ্টি কৰাৰ পিছত ভুক্তভোগীয়ে প্ৰায়ে ভয় আৰু বিভ্ৰান্তিৰ বাবে যিমান পাৰি সোনকালে ধন প্ৰেৰণ কৰে। 

এই প্ৰৱঞ্চনাৰ আন এক কৌশল হ’ল ভুক্তভোগীৰ ওপৰত দীৰ্ঘদিনীয়া মানসিক চাপ সৃষ্টি কৰা। শেহতীয়াকৈ দিল্লীৰ এগৰাকী মহিলাই ৫ ঘণ্টা ধৰি এজন অপৰাধীৰ সৈতে ফোনত কথা পাতিবলৈ বাধ্য হয়। তেওঁৰ পৰা ১.৪ লাখ টকা লুটি নিয়ে অপৰাধীয়ে।

অসমত চাইবাৰ অপৰাধীৰ 'ডিজিটেল গ্ৰেপ্তাৰ’

ভাৰত আৰু সমগ্ৰ বিশ্বৰ সমান্তৰালভাৱে বিগত কিছু বছৰত অসমতো শিপা মেলিছে চাইবাৰ অপৰাধীয়ে। বেছ কিছু বছৰৰ পৰা অসমত ভয়ংকৰভাৱে বৃদ্ধি পাইছে চাইবাৰ অপৰাধৰ সংখ্যা। বিশেষকৈ অসমৰ বাবেও এই সময়ত এক সমস্যা হৈ পৰিছে 'ডিজিটেল গ্ৰেপ্তাৰ’ প্ৰৱঞ্চনা। মাত্ৰ কিছুদিন পূৰ্বে উজনি অসমৰ চাহ বাগানৰ সৈতে জড়িত এগৰাকী প্ৰভাৱশালী মহিলাৰ পৰা চাইবাৰ অপৰাধীয়ে লুটি নিয়ে লক্ষাধিক টকা। ইয়াৰোপৰি বিগত সময়ত চাইবাৰ অপৰাধীৰ জালত পৰা ভুক্তভোগীৰ কেইবাটাও গোচৰে অসমত বাতৰিৰ শিৰোনাম দখল কৰিছে। 

শেহতীয়াকৈ পঞ্জাৱ আৰক্ষীৰ চাইবাৰ অপৰাধ শাখাই এই জালিয়াতিৰ সৈতে জড়িত আন্তঃৰাজ্যিক চক্ৰ এটাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। মন কৰিবলগীয়া যে, আৰক্ষীৰ জালত পৰা চাইবাৰ অপৰাধী কেইজনৰ ভিতৰত আছিল অসমৰ নজৰুল আলী আৰু মিদুল আলী নামৰ দুই যুৱকো। 

যোৱা ২০ নৱেম্বৰত কেন্দ্ৰীয় অপৰাধ শাখা চেন্নাইৰ চাইবাৰ ক্ৰাইম উইঙে ডিজিটেল গ্ৰেপ্তাৰ প্ৰৱঞ্চনাৰ সৈতে জড়িত অসমৰ এজন যুৱকক গ্ৰেপ্তাৰ কৰিছিল। ধৃত অভিযুক্তজনৰ নাম আছিল পাৰ্থ প্ৰতিম বৰা (৩৮)। চাইবাৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, মহাৰাষ্ট্ৰ আৰক্ষীৰ শীৰ্ষ বিষয়া বুলি নিজকে পৰিচয় দি এগৰাকী অৱসৰপ্ৰাপ্ত চৰকাৰী কৰ্মচাৰীৰ পৰা ৯২ লাখ টকা সৰকাইছিল পাৰ্থ প্ৰতিমে। অলপতে মৰিগাঁৱৰ পৰাও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ডিজিটেল প্ৰৱঞ্চনাৰ জাল মেলি সন্ত্ৰাস চলাই অহা দুজন অভিযুক্তক। 

ডিজিটেল এৰেষ্ট প্ৰৱঞ্চনাৰ উপৰিও অসমত শেহতীয়াকৈ অন্যান্য প্ৰকাৰৰ চাইবাৰ অপৰাধৰ ঘটনা, যেনে আৰ্থিক জালিয়াতি, ছ’চিয়েল মিডিয়া জালিয়াতি, ইমেইল হেকিং আদি বৃদ্ধি পাইছে। নেশ্যনেল ক্ৰাইম ৰেক’ৰ্ড ব্যুৰোৰ তথ্য অনুসৰি ২০২২ চনত অসমত ১,৭৩৩টা চাইবাৰ অপৰাধৰ ঘটনা সংঘটিত হৈছিল, যিটো ২০২৩ চনত ৭,৬২১টালৈ বৃদ্ধি পাইছে।

এই ক্ৰমবৰ্ধমান ভাবুকিৰ বিৰুদ্ধে যুঁজিবলৈ অসম আৰক্ষীয়ে তেওঁলোকৰ চাইবাৰ অপৰাধৰ প্ৰতি সঁহাৰি জনোৱাৰ ক্ষমতা বৃদ্ধিৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰিছে। জটিল চাইবাৰ অপৰাধৰ তদন্তত সহায় কৰি থকা গুৱাহাটীৰ উলুবাৰীস্থিত চি আই ডিৰ মুখ্য কাৰ্যালয়ত এটা চাইবাৰ ক্ৰাইম চেল স্থাপন কৰা হৈছে। ইয়াৰ উপৰিও অসম আৰক্ষীয়ে ৰাজ্যৰ বিভিন্ন জিলাত চাইবাৰ আৰক্ষী থানা স্থাপনৰ পৰিকল্পনা কৰিছে, যিয়ে চাইবাৰ অপৰাধৰ বিৰুদ্ধে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণত সহায় কৰিব।

মাত্ৰ চাৰিদিন পূৰ্বে গুৱাহাটীৰ চাইবাৰ পি এছে ডিজিটেল গ্ৰেপ্তাৰৰ বলি হোৱা এজন ভুক্তভোগীক তেওঁৰ ৩.৬৪ লাখ টকা ওভতাই দিবলৈ সক্ষম হৈছে। কিছুদিন পূৰ্বে এটা ফোন কলৰ জৰিয়তে গ্ৰেপ্তাৰৰ ভাবুকি দি ভুক্তভোগীৰ পৰা এই ধন সৰকাইছিল প্ৰৱঞ্চকে। কিন্তু চাইবাৰ পি এছে তৎপৰতাৰে তদন্ত চলাই হেৰুওৱা ধনখিনি ঘূৰাই পাবলৈ সক্ষম হৈছে।    

লক্ষণীয় যে, চাইবাৰ অপৰাধৰ বিৰুদ্ধে যুঁজত জনসচেতনতা আৰু সহযোগিতা অতি গুৰুত্বপূৰ্ণ। এনে পৰিপ্ৰেক্ষিততে চাইবাৰ অপৰাধৰ বলি হ’লে বা কোনো সন্দেহজনক ফোন কল লাভ কৰিলে শীঘ্ৰে আৰক্ষীক অৱগত কৰিবলৈ দঢ়াই কৈ আহিছে আৰক্ষী আৰু চাইবাৰ সুৰক্ষা বিভাগে।

আন্তঃৰাষ্ট্ৰীয় চক্ৰঃ সীমান্তৰ সিপাৰৰ পৰা প্ৰৱঞ্চনাৰ জাল

ভাৰতৰ পৰা অহা ‘ডিজিটেল গ্ৰেপ্তাৰ’ প্ৰৱঞ্চনা এতিয়া আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো বিয়পি পৰিছে। এই চক্ৰটো কম্বোডিয়া, ম্যানমাৰ, থাইলেণ্ড আৰু ভিয়েটনামৰ দৰে দেশৰ পৰা চলোৱা হৈছে। চীনৰ কিছুমান কেচিনোত অৱস্থিত কল চেণ্টাৰ এই প্ৰৱঞ্চনাৰ কেন্দ্ৰবিন্দু।

শেহতীয়া তদন্তত চিবিআইয়ে ২৬০ কোটি টকাৰ আন্তঃৰাষ্ট্ৰীয় জালিয়াতিৰ তথ্য উন্মোচন কৰিছে। এই অপৰাধীয়ে লক্ষ্য কৰি লৈছিল আমেৰিকা আৰু কানাডাৰ নাগৰিকক। আন্তঃৰাষ্ট্ৰীয় কল চেণ্টাৰসমূহে ভুৱা পৰিচয়ৰ জৰিয়তে এই প্ৰৱঞ্চনা সংঘটিত কৰিছিল। বিটকইন আৰু অন্যান্য ক্ৰিপ্টোকাৰেন্সী ব্যৱহাৰ কৰি ধনৰ লেনদেন কৰা হৈছিল।

একে সময়তে ভাৰতত থাকিও আন্তঃৰাষ্ট্ৰীয় নাগৰিকক লক্ষ্য কৰি লোৱা হৈছে। খবৰ অনুসৰি প্ৰায় ৫০খন দেশত এই কেলেংকাৰী সক্ৰিয় হৈ আছে। ৰাছিয়াৰ চাইবাৰ ছিকিউৰিটি এজেন্সীয়ে জনোৱা মতে, এই নেটৱৰ্কত ১৫০০ৰো অধিক ভুৱা কল চেণ্টাৰ জড়িত হৈ আছে।

এই আন্তঃৰাষ্ট্ৰীয় জালিয়াতিৰ চক্ৰৰ প্ৰভাৱ ইমানেই ব্যাপক যে ই কেৱল আৰ্থিক লোকচানত সীমাবদ্ধ নহয়। ইয়াৰ ফলত দেশৰ চাইবাৰ সুৰক্ষা ব্যৱস্থাৰ প্ৰতি এক বৃহৎ প্ৰত্যাহ্বানৰ সৃষ্টি হৈছে।

চৰকাৰী পদক্ষেপ আৰু প্ৰত্যাহ্বানঃ জালিয়াতি প্ৰতিৰোধ পৰিকল্পনা

চাইবাৰ অপৰাধ নিয়ন্ত্ৰণৰ বাবে ভাৰত চৰকাৰে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। ২০২৪ চনত ভাৰতীয় চাইবাৰ অপৰাধ সমন্বয় কেন্দ্ৰ (I4C) আৰু ৰাষ্ট্ৰীয় জটিল তথ্য আন্তঃগাঁথনি সুৰক্ষা কেন্দ্ৰই (NCIIPC) চাইবাৰ অপৰাধ প্ৰতিৰোধৰ ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিছে।

প্ৰায় ৬.৬৯ লাখ ভুৱা চিম কাৰ্ড আৰু ১,৩২,০০০ ভুৱা আই এম ই আই নম্বৰ ইতিমধ্যে ব্লক কৰা হৈছে। তদুপৰি চাইবাৰ অপৰাধ সন্দৰ্ভত সজাগতা সৃষ্টিৰ বাবে অভিযান চলোৱা হৈছে। সন্দেহজনক ফোন বা মেছেজৰ ক্ষেত্ৰত নাগৰিকক শীঘ্ৰে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিয়া হৈছে।

চৰকাৰী পদক্ষেপৰ সমান্তৰালকৈ আইন প্ৰয়োগকাৰী সংস্থাসমূহেও অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। কিন্তু অপৰাধীৰ ক্ৰমান্বয়ে আধুনিক প্ৰযুক্তি আৰু নিত্য নতুন কৌশলৰ বাবে চাইবাৰ সুৰক্ষা ব্যৱস্থা আৰু অধিক শক্তিশালী কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

এনে অপৰাধৰ বিৰুদ্ধে যুঁজিবলৈ কেৱল চৰকাৰৰ ওপৰত নিৰ্ভৰ কৰাটোৱেই যথেষ্ট নহয়। নাগৰিকসকলে চাইবাৰ সুৰক্ষাৰ বিষয়ে সচেতন, সজাগ, আৰু জ্ঞান আহৰণ কৰাটোও গুৰুত্বপূৰ্ণ।