newsnextone.com | ডিজিটেল ডেস্কঃ ১৯৭৭ চনত দেশত ঘোষিত জৰুৰীকালীন অৱস্থাই ৪৩ বছৰ অতিক্ৰম কৰে৷ ১৯৭৭ চনত ঘোষিত জৰুৰীকালীন অৱস্থাৰ গইনা লৈ বিজেপিয়ে ২০১৮ চনত কংগ্ৰেছক ঘেৰাও কৰা পৰিলক্ষিত হৈছে৷ জৰুৰীকালীন অৱস্থাক সুঁৱৰি বিজেপিয়ে সমগ্ৰ দেশত কলা দিৱস পালন কৰে৷ একপ্ৰকাৰ কলা দিৱস কংগ্ৰেছক সমালোচনা কৰা দিৱসত পৰিণত হয়৷ 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ অমিত শ্বাহে সংবাদ মেল অনুষ্ঠিত কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰা পৰিলক্ষিত হয়৷ তাৰ মাজতে বিজেপিক উভতি ধৰে কংগ্ৰেছৰ নেতা দ্বিগীজয় সিঙে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আন আন বিজেপিৰ নেতাই কংগ্ৰেছক আক্ৰমণ কৰা কাৰ্যক টুইট কৰি উভতি ধৰি দ্বিগীজয় সিঙে কয় ‘‘বিজেপি আৰু মোডীয়ে ইন্দিৰা গান্ধীৰ দ্বাৰা ১৯৭৭ত লগোৱা জৰুৰীকালীন অৱস্থাক স্মৰণ কৰােৱা হৈছে৷ ইয়াৰ শাস্তি জনসাধাৰণে ১৯৭৭ চনৰ নিৰ্বাচনতে দিছে৷ যাক আমি স্বীকাৰ কৰিছোঁ৷ আমি ক্ষমা বিচাৰিছোঁ৷ ১৯৮০ চনত ৰাইজে আমাক ক্ষমা কৰি পুনৰাই ইন্দিৰা গান্ধীৰ চৰকাৰ গঠন কৰাৰ সুবিধা দিছে৷ টুইট কৰি দ্বিগীজয় সিঙে আৰু কয় ‘‘বিজেপিয়ে বিফলতা ঢাকিবৰ বাবে ৪১ বছৰ আগৰ কথা আলোচনা কৰিছে৷ ৰাইজে সকলো জানে৷ ২০১৮-১৯ চনৰ নিৰ্বাচনত জনতাই উচিত শিক্ষা দিব এওঁলোকক৷’’

উল্লেখ্য যে, বিজেপিয়ে সমগ্ৰ দেশৰ নেতাই আৰু প্ৰতিখন জিলাত সংবাদ মেল অনুষ্ঠিত কৰি কলা দিৱস পালন কৰে৷ অসমতো বিজেপিয়ে ৩৬ খন সাংগঠনিক জিলাত কলা দিৱস পালন কৰি সংবাদ মেল অনুষ্ঠিত কৰে৷ প্ৰকৃততে এয়া কংগ্ৰেছক সমালোচনা কৰাৰ বাবে দিৱস পালে কৰাৰ দৰে হোৱা বুলি অভিযোগ উত্থাপন হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে মঙলবাৰে মুম্বাইত অনুষ্ঠিত হোৱা বিজেপিৰ কৰ্মকৰ্তাৰ এখন জনসভাত অংশ লোৱাৰ লগতে জৰুৰীকালীন অৱস্থাৰ সময়ত কংগ্ৰেছক বিৰোধীতা কৰা একাংশ লোকক সাক্ষাৎ কৰে৷ 

মুম্বাইত জনসমাবেশত অংশ লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে যিটো দলৰ আভ্যন্তৰীণ গণতন্ত্ৰ নাই সেই দলৰ পৰা লোকতন্ত্ৰৰ আশা কৰিব নোৱাৰি বুলি কৈ কংগ্ৰেছক আক্ৰমণ কৰে৷ জৰুৰীকালীন অৱস্থাৰ পিছত নিৰ্বাচন অনুষ্ঠিত কৰাৰ নাটক কৰা বুলি কয় মোডীয়ে৷ প্ৰধানমন্ত্ৰীয়ে বিৰোধী কংগ্ৰেছকে নহয় পৰিয়ালতন্ত্ৰৰ কথা কৈ গান্ধী পৰিয়ালক আক্ৰমণ কৰে মোডীয়ে৷ মোডীয়ে হিন্দী বোলছবি জগতৰ জনপ্ৰিয় সংগীতজ্ঞ কিশোৰ কুমাৰক কংগ্ৰেছৰ বাবে গান নাগাঁও বুলি কোৱাৰ বাবে তেওঁ গান ৰেডি’অ আৰু বোলছবিত নিষিদ্ধ কৰা বুলি কয়৷ মোডীয়ে কয় ‘‘জ্যেষ্ঠ সাংবাদিক কুলদ্বীপ নায়াৰক সন্মান কৰো৷ জৰুৰীকালীল অৱস্থাৰ পৰা মুক্তি বিচাৰি যুদ্ধ কৰিছিল৷ আমাক কটু সমালোচনা কৰাৰ পিছতোঁ সেই সময়ত তেওঁ কৰা সমালোচনাৰ বাবে আজি তেওঁক চালাম কৰো৷’’